নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ভুৱা বি এড ডিগ্ৰীৰে শিক্ষকতা

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : শেহতীয়াভাৱে পুনৰ নলবাৰীত ভুৱা বি এড‌ ডিগ্ৰীৰে এচাম শিক্ষকে বছৰ বছৰ ধৰি শিক্ষকতা কৰি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই ৰহস্যজনকভাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ভুৱা বি এড ধাৰী শিক্ষকৰ ভুৱা প্ৰমাণ পত্ৰ যোৱা ২ আগষ্টৰ ভিতৰত স্বেচ্ছাই সংশ্লিষ্ট বিভাগত জমা দিবলৈ সময়সীমা বান্ধি দিছিল যদিও সেই নিৰ্দেশক ভ্ৰুক্ষেপ কৰা নাই জিলাখনৰ  ভুৱা বি এড ডিগ্ৰীধাৰী একাংশ শিক্ষকে। এই ক্ষেত্ৰত নলবাৰী জিলা পৰিমণ্ডলত বিদ্যালয় সমূহত পৰিদৰ্শক কাৰ্যালয়েও সোপাঢিলা ব্যৱস্থা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে।কিয়নো কাৰ্যালয়টোৰ নখ দৰ্পণত আছে এচাম ভুৱা বি এড ধাৰী শিক্ষকৰ তথ্য।- এই মন্তব্য এচাম শিক্ষাব্ৰতী সচেতন ৰাইজৰ। কাৰণ ভুৱা বি এডৰ প্ৰমাণ পত্ৰ দাখিল কৰিয়েই এচাম এনে শিক্ষকে মাহিলি দৰমহাসহ বি এড উত্তীৰ্ণ ‘ইনক্ৰিমেণ্ট’ লাভ কৰি আহিছে। প্ৰাপ্ত তথ্য মতে বিশেষকৈ জিলাখনৰ একাংশ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমৰ বাহিৰৰ একাংশ চৰকাৰৰ অনুমোদন নথকা প্ৰতিষ্ঠানৰ পৰা কিনি অনা ভুৱা বি এড ডিগ্ৰীৰে শিক্ষকতা কৰি আহিছে। এনে ভুৱা বি এড ডিগ্ৰীপ্ৰাপ্ত শিক্ষকৰ নামত জিলা খনৰ পৰা “ইনক্ৰিমেণ্ট”ৰ নামত বছৰি অতিৰিক্ত ভাবে ওলাই গৈছে লক্ষ লক্ষ টকা। লক্ষণীয়ভাৱে জিলা খনৰ এচাম চতুৰ শিক্ষকে ভুৱা তথা ক্ৰয় কৰি অনা বি এড ডিগ্ৰীৰে বিদ্যালয় প্ৰধানৰ দায়িত্ব লৈ ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। এনে অনিয়মৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব। এনেবোৰ ভুৱা ডিগ্ৰীধাৰী শিক্ষকক লৈ জিলাখনৰ শৈক্ষিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like