নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাইত কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰযুক্তি দিৱস

🔹 কৃষিমন্ত্ৰী অতুল বৰা-বিধায়ক মৃণাল শইকীয়াৰ অংশগ্ৰহণ : ছয়গৰাকী কৃষকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত আজি খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰযুক্তি দিৱস অনুষ্ঠিত কৰাৰ লগতে বিষাক্ত পাৰ্থেনিয়াম অপতৃণ চিনাক্তকৰণ আৰু নিৰ্মূলৰ এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ বিষয়া ড০ মনোৰঞ্জন নেওগে আদৰণী ভাষণ প্ৰদান কৰা প্ৰযুক্তি দিৱস অনুষ্ঠানটিৰ আৰম্ভণিতে জাতীয় সংগীত পৰিৱেশন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই। ইয়াৰ পিছতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃষিমন্ত্ৰী অতুল বৰাই খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখপত্ৰ উন্মোচন কৰি কয় যে ১৯৯৫ চনতে প্ৰতিষ্ঠা লাভ কৰা খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰই জিলাখনৰ কৃষি উন্নয়নৰ দিশত কৃষকসকলক আগবঢ়াই নিয়াত সক্ষম হৈছে। আনহাতে, নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকসকল কেনেকৈ অধিক লাভৱান হ’ব পাৰে, তাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত ছানি ধৰা বিষাক্ত পাৰ্থেনিয়াম অপতৃণ উদ্ভিদ নিৰ্মূলৰ বাবে বিভাগীয়ভাৱে আগবঢ়োৱা দিহা-পৰামৰ্শ মতে ৰাইজে পদক্ষেপ আৰু সজাগ হ’বলৈ আহ্বান জনায়। তদুপৰি মন্ত্ৰীগৰাকীয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প উদ্বোধন কৰে। বিধায়ক মৃণাল শইকীয়াই সভাত উপস্থিত থাকি বিষাক্ত পাৰ্থেনিয়াম চিনাক্ত কৰি কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় আৰু কৃষি উৎপাদনত নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থকা সভাত সতী সাধিনী কলাক্ষেত্ৰৰ উপাচাৰ্য জি সিংঘাই বক্তব্য প্ৰদান কৰে। আনহাতে, কৃষিমন্ত্ৰী আৰু বিধায়কগৰাকীয়ে প্ৰযুক্তি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কৃষক মেলাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি পৰিদৰ্শন কৰে আৰু দ্ৰোণৰ সহায়ত কৃষিপথাৰত কীটনাশক প্ৰয়োগ কৰা প্ৰত্যক্ষ কৰাৰ লগতে গাহৰি প্ৰকল্প উদ্বোধন কৰে। অনুষ্ঠানত কৃষি ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা জিলাখনৰ ৬গৰাকী কৃষক ক্ৰমে ৰাজীৱ চেতিয়া, চন্দ ফুকন, যতীন বৰদলৈ, লোহিত চাহু, মুনমী শইকীয়া গগৈ আৰু মুনমুন শইকীয়াক সম্বৰ্ধনা জনায়। স্মৃতিৰেখা ভূঞাই আঁত ধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড০ ভৱেশ চন্দ্ৰ ডেকাই।

প্ৰেৰক নবীন গোহাঁই

You might also like