নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীৰ বৰশলাত কিশোৰৰ সলিল সমাধি

নিয়মীয়াবাৰ্তা, ৪ ছেপ্টেম্বৰঃ সৰ্থেবাৰীৰ বৰশলা এক শোকাবহ ঘটনা সংঘটিত হয়। এগৰাকী ছাত্ৰৰ সলিল সমাধি ঘটে বৰশলাৰ মুছলিম চুবুৰীত। সমনীয়াৰ সৈতে পুখুৰীত গা ধুবলৈ নমাৰ পিছতেই এগৰাকী কিশোৰৰ পানীত বুৰি মৃত্যু হয়৷ মৃত কিশোৰজন হিলেপাৰা গাঁৱৰ পৰমেশ বৰ্মনৰ পুত্ৰ ধনঞ্জয় বৰ্মন বুলি জানিব পৰা গৈছে৷ ধনঞ্জয় বৰ্মন আমৃখোৱা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ আজি মাধৱদেৱৰ তিথি উপলক্ষে বিদ্যালয় বন্ধ আছিল। কিন্ত কাইলৈ শিক্ষক  দিৱস উপলক্ষ্যত সমনীয়াৰ লগত শিক্ষক দিৱসৰ সামগ্ৰী কিনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। পিচে শিক্ষক দিৱসৰ আয়োজনৰ বাবে ঘৰৰ পৰা ওলাই অহা ছাত্ৰজনে সমনীয়াৰ সৈতে বৰশলা গাঁৱৰ মুছলিম চুবুৰীত পুখুৰীত গা ধুবলৈ নামে। জানিব পৰা মতে বৰশলাৰ মইদুল আলী আৰু পল্লাৰ নয়নজ্যোতি ডেকাৰ লগত বৰশলাৰ এটা পুখুৰিত একে লগে গা ধুই থকাত অৱস্থাতে সংঘটিত হয় এই ঘটনা৷ পুখুৰীত গা ধুই থকা আটাইকেইজন ছাত্ৰই আমৃখোৱা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে৷ কিন্তু অসাৱধানবশতঃ ধনঞ্জয় বৰ্মন আৰু মইদুল আলী গভীৰ পানীত সোমাই পৰে। পিছত নয়নজ্যোতি ডেকাৰ চিঞৰতে স্থানীয় লোক আহি ধনঞ্জয় বৰ্মনক পানীৰ তলৰ পৰা আৰু মইদুল আলীক উদ্ধাৰ কৰি সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি কৰে যদিও ধনঞ্জয় বৰ্মনক সংকটজনক অৱস্থাত বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু মইদুল আলীক নলবাৰীলৈ লৈ যায় পৰিয়ালৰ লোকে৷ চিকিৎসকে ধনঞ্জয় বৰ্মনক মৃত বুলি ঘোষণা কৰে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
প্ৰেৰক নকুল তালুকদাৰ
You might also like