নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : নগৰবেৰাৰ কল্যাণপুৰত দুই পক্ষৰ মাজত আজি পুৱাৰ ভাগত প্ৰচণ্ড মাৰপিট সংঘটিত হয় | ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি প্ৰথমে দুই পক্ষৰ মাজত বাকবিতণ্ডা আৰু পাছলৈ সংঘটিত হয় ভয়ানক মাৰপিট | ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত চেপা উত্তেজনা অব্যাহত আছে | ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে | জানিব পৰা মতে, মনোৱাৰ আলীৰ পুত্ৰ নাজিৰুল হকে প্ৰতিবেশী আমিৰ আলীৰ কন্যা আৰমিনা খাতুনক জোকোৱাক কেন্দ্ৰ কৰি প্ৰথমে দুই পক্ষৰ কথা কটাকটি আৰু পাছলৈ আমিৰ আলীৰ নেতৃত্বত ক্ৰমে হাচেন আলী, মনোৱাৰ আলী, চানো আলী, আজিজুল হকে বলপূৰ্বক মনোৱাৰ আলীৰ ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ লোকক মাৰপিট কৰি ঘৰৰ দুৱাৰ-খিৰিকীৰ আইনা ভাঙি পেলোৱাৰ উপৰি মঞ্জুৱাৰ নামৰ এজনীৰ হাতত লাঠিৰে প্ৰহাৰ কৰাত হাতৰ হাড় ভাঙি যোৱা বুলিও জনা গৈছে | প্ৰতিবেশী ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি সংঘটিত এনে ঘটনাই সমগ্ৰ কল্যাণপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ লগতে চেপা উত্তেজনা বিৰাজ কৰে | ঘটনাস্থলীত নগৰবেৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস