নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ভয়ংকৰ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰূপহীহাটত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৰূপহী ছিনিয়ৰ ছেকণ্ডাৰী স্কুলৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘনাটো। নগাঁৱৰ পৰা ৰূপহী অভিমুখে আহি থকা তীব্ৰ বেগী মেজিক বাহনে নিয়ন্ত্ৰণ হেৰুৱাই টাৱাৰৰ খুটিত খুন্দা মৰাৰ ফলত টাৱাৰটো হাওলি পৰে নগাঁও ৰাজ্যিক ঘাইপথৰ ওপৰত। যাৰ বাবে শ শ বাহন আবদ্ধ হৈ পৰে ৰাজ্যিক ঘাইপথটোৰ ওপৰত । মেজিক বাহনে টাৱাৰৰ খুটিত খুন্দা মৰাৰ পিছত এটা বাইকত খুন্দা মৰাৰ ফলত বইকখনৰ ক্ষতি হয়। দুৰ্ঘটনাত বিদ্যুতৰ তাঁৰ ছিঙি যোৱাত সমগ্ৰ ৰূপহীহাটত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে। দুৰ্ঘটনা সংঘটিত কৰা মেজিক বাহনখনৰ নম্বৰ হৈছে এএছ-০২-ডিচি-৪০৮৪। উক্ত পথ দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like