নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দালালৰ দপদপনিত অতিষ্ঠ গৌৰীপুৰ এছডিচি অফিচৰ বিষয়া-কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ : ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অধীনস্থ এগৰাকী মৃত ব্যক্তিৰ মাটিৰ নামজাৰী আৰু বিক্ৰীক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি শেহতীয়াকৈ গৌৰীপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰী। দালালৰ এটি চক্ৰই কাৰ্যালয়টোত মাটিৰ নামজাৰীক লৈ চলাইছে ব্যাপক জালিয়াতি। এই সন্দৰ্ভত ধুবুৰীৰ একাংশ সাংবাদিকে গৌৰীপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত চৰজমিন তদন্ত কৰি জানিব পাৰে যে জিলা খনৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ টিয়ামাৰী প্ৰথম খণ্ড গাওঁৰ পুৰণি দাগ ১৪৩ আৰু নতুন ৪৫৯ নং দাগৰ ১ কঠা ১০ লেচা মাটি মহছিন আলীৰ দখল স্বত্বে মহছিন আলীয়ে দাখিল দিয়া আবেদনৰ ভিত্তিত বিগত ২০১৯ চনৰ ১৬ ছেপ্টেম্বৰত গৌৰীপুৰ ৰাজহ চক্ৰৰ ফালৰ পৰা তদন্ত ক্ৰমে মহছিন আলীৰ নামত নামজাৰি দিয়া হৈছিল। সূত্ৰত জানিব পৰা মতে, চক্ৰ বিষয়া নং ডিএইচইউ/জিআৰপি/২০১৯-২০/৩৪৪/এফ মিউটেচন অনুসৰি উক্ত দাগত মহছিন আলীৰ নামত নামজাৰি দিয়া হৈছিল। গৌৰীপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লাট মণ্ডল নুৰ হক আলীয়ে অন্চলটোৰ কোনো মৃত বা জীৱিত ব্যক্তিৰ কাৰো চহী জাল কৰি প্ৰতিবেদন দাখিল যে কৰা নাই সেই বিষয়টো স্পষ্ট হৈ পৰে। কাৰণ উক্ত গাওঁৰ ৯৭১ নং পট্টাৰ ২৯ নং দাগৰ ৩ বিঘা ১ কঠা ১ লেচাৰ অংশৰ ১ বিঘা ৪ কঠা ৫ লেচা মাটিৰ ২৩৫১ নং দলিল মৰ্মে বিগত ২০২১ চনৰ ৯ ছেপ্টেম্বৰত ছাদেক হুছেইন নামৰ কোনো ব্যক্তিৰ নামত লাট মণ্ডল নুৰ হক আলীয়ে নামজাৰি কৰাৰ বাবে চক্ৰ বিষয়াক কোনো প্ৰতিবেদনেই দাখিল কৰা নাছিল। আচৰিত বিষয় যে ছাদেক হুছেইনৰ নামত দখল নথকা স্বত্বেও উক্ত মাটিডোখৰ যোৱা ২০২১ চনৰ ২৪ জুন তাৰিখে নামজাৰি গোচৰ নং ডিএইচইউ/জিআৰপি/২০২০-২১/২০৫৬ এফ মিউটেচনৰ হুকুম মৰ্মে উক্ত মাটিডোখৰ নামজাৰি হোৱা দেখা যায়। মন কৰিবলগীয়া যে, উক্ত মাটি ডোখৰৰ অংশ ২ কঠা ১৫ লেচা মাটিৰ দুটা এনঅ’চি মৰ্মে ছাদেক হুছেইনে দখল বিহীন ভাৱে বেলেগক বিক্ৰী কৰাৰ প্ৰস্তাৱ দিয়াত চক্ৰ বিষয়াৰ ওচৰত লাটমণ্ডল গৰাকীয়ে প্ৰতিবেদন দাখিল কৰে। পিছত জফৰুল্লা সেখৰ ৱাৰিছ আফতাব আলীয়ে টি এছ গোচৰ নং ৭২৪/১৯৮২ নং গোচৰৰ হুকুম মতে তেওঁলোকৰ নামত নথি সংশোধনীৰ বাবে গৌৰীপুৰৰ চক্ৰ বিষয়াৰ ওচৰত আবেদন দাখিল কৰিছে। ইতিমধ্যে উক্ত মাটিৰ অংশত দখল থকা জফৰুল্লা সেখৰ ৱাৰিছ আফতাব আলীয়ে টিএছ গোচৰ নং ৭২৪/১৯৮২ নং গোচৰৰ হুকুম মতে তেওঁলোকৰ নামত নথি সংশোধনীৰ বাবে গৌৰীপুৰৰ চক্ৰ বিষয়াৰ ওচৰত আবেদন দাখিল কৰিছে। ইতিমধ্যে উক্ত মাটিৰ অংশত দখল থকা জফৰুল্লা সেখৰ ৱাৰিছ আৰু লগত এজনে ছাদেক হুছেইনৰ নামজাৰি কৰ্তন কৰি তেওঁলোকৰ নামত ৰেকৰ্ড সংশোধনীৰ বাবে আবেদন দিয়াত গৌৰীপুৰৰ চক্ৰ বিষয়াই আবেদন মন্জুৰ কৰি বিবিধ গোচৰ নং জিএমচি/এমআইএছচি/২০২৩/৪৫ নম্বৰ ৰুজু কৰি জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।যাৰ বাবেই ছাদেক হুছেইনৰ দাখিল কৰা এনঅ’চিৰ অনুমোদন কৰাত বিলম্ব হোৱা বুলি জানিব পৰা গৈছে। তদুপৰি লাটমণ্ডল নুৰ হক আলীয়ে ছাদেক হুছেইনৰ পৰা তেওঁ ক্ৰয় কৰা মাটিৰ দলিলৰ ক’পি বিচৰাত ছাদেক হুছেইনে দলিলৰ ক’পিও দাখিল কৰিব পৰা নাই বুলি গৌৰীপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সূত্ৰ এটিয়ে সদৰী কৰিছে।

প্ৰেৰক মোখলেশ ৰহমান

You might also like