নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ মিছাত ভয়ংকৰ পথ দুৰ্ঘটনা : কণমানিৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : ভোগালীৰ আনন্দ-উল্লাসৰ মাজতে কলিয়াবৰৰ মিছাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বাছে মহটিয়াই নিলে এটি কণমানিক। বাছখনৰ খুন্দাত কণমানিটোৰ থিতাতে প্ৰাণহানি হয়। নিহত শিশুটো মিছা হাটবাগানৰ আইনী কৈৰী। গুৱাহাটীৰ পৰা শিৱসাগৰ-মৰাণলৈ আহি থকা AS-01 GC-2229 নম্বৰৰ অনুৰাগ নামৰ বাছখনে মহটিয়াই লৈ যায় আঠ বছৰীয়া কণমানিটোক। ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ বাছখন জব্দ কৰাৰ লগতে কণমানিটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

প্ৰেৰক কনক হাজৰিকা

You might also like