নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ক’ৰোনাৰ দ্বিতীয় লহৰে দেশজুৰি আতংক সৃষ্টি কৰাৰ সময়তে অসমতো ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা৷ বিভিন্ন জিলাত ভ্রমণ বৃত্তান্ত নোহোৱাকৈয়ে আক্রান্ত হৈছে এজনৰ পাছত আন এজন লোক৷ বৃহস্পতিবাৰে দিনটোত ৰাজ্যজুৰি ক’ভিডত নতুনকৈ আক্রান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২৪৫গৰাকী৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ২২,৮৮৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.০৭ শতাংশ৷ আক্রান্ত ৰোগীসকলৰ ১২৮গৰাকীয়েই কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী চিকিৎসকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে স্বাভাৱিকতে জিলাখনত সৃষ্টি হৈছে আতংক৷ কোনো ভ্রমণ বৃত্তান্ত নোহোৱা মেডিচিন ৱার্ডৰ চিকিৎসক দুগৰাকী সম্প্রতি চিকিৎসাধীন হৈ আছে৷
লক্ষণীয়ভাৱে আক্রান্ত দুয়োগৰাকী চিকিৎসকে লৈছিল ক’ভিড ভেকচিন৷ তদুপৰি বৃহস্পতিবাৰে দিনটোত জিলাখনত চাৰিগৰাকী লোক পুনৰ ক’ভিডত আক্রান্ত হোৱাৰ লগে লগে মুঠ ৰোগীৰ সংখ্যা ২৫গৰাকীলৈ বৃদ্ধি পালে৷ প্রশাসনে চাৰিদুৱাৰ অঞ্চলৰ ২নং গড়মৰা আৰু বকোলা গাঁৱৰ লগতে তেজপুৰ মিছন চাৰিআলিৰ লোকপ্রিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ছাত্রী নিৱাস কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ১৬০খন বিছনা আছুতীয়াকৈ সংৰক্ষিত কৰি ৰখাৰ লগতে ৫০টা আই চি ইউ সাজু কৰি ৰখা হৈছে বুলি সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকাই৷ তেজপুৰৰ পৰোৱা আৰু ডেকাৰগাঁও হাস্পতাল ক’ভিড ৰোগীৰ বাবে আছুতীয়াকৈ ৰখা হৈছে৷
উল্লেখ্য যে তেজপুৰৰ ডুমডুমা শিলপোতাৰ এজন লোক ক’ভিড ভেকচিন লোৱাৰ পাছত হঠাৎ অসুস্থ হৈ মৃত্যু হোৱাত প্রতিক্রিয়া সৃষ্টি হৈছে৷ প্রাপ্ত তথ্য অনুসৰি যোৱা ৬ এপ্রিলত ক’ভিড ভেকচিন লৈছিল অনন্ত হালৈয়ে৷ ঘৰলৈ উভতি যোৱাৰ পাছত হঠাতে অসুস্থ হৈ পৰা হালৈক মহাবিদ্যালয়খনত ভর্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়৷ চিকিৎসকে প্রকাশ কৰা অনুসৰি হালৈ গুৰুতৰভাৱে উচ্চ ৰক্তচাপত ভোগাৰ বাবে মগজুৰ ৰক্তক্ষৰণ হৈ মৃত্যু হৈছে৷ তদুপৰি আজিৰ দিনটোত নাজিৰাত ৬গৰাকী আৰক্ষী জোৱান, হাঁহচৰাত এগৰাকী মহিলা, যোৰহাটত ১০গৰাকী ব্যক্তি আৰু ডিব্রুগড়ত ২১গৰাকী ব্যক্তি ক’ভিডত আক্রান্ত হৈছে৷ ডিব্রুগড়ত চলিত মাহত বর্তমানলৈ ১০১জনলৈ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷
শুৱালকুছিত এদিনতে ৬গৰাকীৰ শৰীৰত ক’ভিড
আজি শুৱালকুছিত মুঠ ৬গৰাকী ব্যক্তি ক’ভিডত আক্রান্ত হৈছে৷ শুৱালকুছি ব্লকৰ প্রাথমিক স্বাস্থ্যকেন্দ্রৰ বিষয়া ডাঃ দীপক চন্দ্র দাসে প্রকাশ কৰা অনুসৰি মুঠ ১৪০গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল৷ তেওঁলোকৰ ভিতৰত ৬গৰাকী পজিটিভ ধৰা পৰে৷ তেওঁলোক হৈছে হাটীসত্রৰ পৰমা দাস, লক্ষ্মী দাস, সৰুলাহৰৰ ত্রৈলোক্য নাথ, সুনীতি নাথ, বৰষা নাথ আৰু হিৰণ্য নাথ৷
সোণাপুৰত ২০ ছাত্র আক্রান্ত
নিয়মীয়া বার্তা, সোণাপুৰ ঃ সোণাপুৰৰ টেপেছিয়াস্থিত লক্ষ্মীবাঈ ৰাষ্ট্রীয় শাৰীৰিক শিক্ষা প্রতিষ্ঠানৰ ২০জন ছাত্র ক’ৰোনাত আক্রান্ত হৈছে৷ ইতিমধ্যে শিক্ষা প্রতিষ্ঠানখন ১৪ দিনৰ বাবে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ সম্প্রতি প্রতিষ্ঠানখনত ১৬০গৰাকী শিক্ষার্থী আছে৷ দেশৰ ভিন্ন প্রান্তৰ পৰা পৰীক্ষা দিবৰ বাবে এই শিক্ষার্থীসকল আহিছিল৷
নগাঁৱত এজনৰ মৃত্যু
নগাঁও চহৰৰ হয়বৰগাঁৱৰ মেঘৰাজ কোঠাৰী (৭৮) নামৰ এগৰাকী ব্যক্তি আজি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ কিছুদিন পূর্বে কোঠাৰীৰ পৰিয়ালৰ আটাইকেইজন সদস্য ক’ভিডত আক্রান্ত হৈছিল৷ কিন্তু ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে৷ ইপিনে, নগাঁৱত এটি তিনি বছৰীয়া শিশুসহ আজি ৫গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ তেওঁলোক হৈছে মৰিকলং বৰঘাটৰ তানিশা হাজৰিকা (৩), তিলোত্তমা হাজৰিকা (৬৫), প্রীতি নয়না হাজৰিকা (৭), ৰাইদঙীয়াৰ দীপক দাস (৩২), শালনা চাহ বাগিচাৰ আনিশা মহন্ত (৩৩)৷ আক্রান্ত আনিশা বাংগালুৰুৰ এটা প্রতিষ্ঠানত কর্মৰত৷ কালি তেওঁ গুৱাহাটীলৈ আহিছিল বিমানেৰে৷ অৱশ্যে বিমানবন্দৰত পৰীক্ষা কৰাৰ পৰিৱর্তে আজি চিমনাবস্তি প্রাথমিক স্বাস্থ্যকেন্দ্রত ক’ভিড পৰীক্ষা কৰোৱায়৷ উক্ত পৰীক্ষাতে তেওঁ পজিটিভ হিচাপে ধৰা পৰে৷ লক্ষণীয় যে জিলাখনৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ১২০খন বিছনা পুনৰ ক’ভিড ৰোগীৰ বাবে সাজু কৰি ৰখা হৈছে৷
কৰিমগঞ্জ চিভিল হাস্পতালৰ অধীক্ষক আক্রান্ত
কৰিমগঞ্জ চিভিল হাস্পতালৰ অধীক্ষক ডাঃ অৰুণাভ চৌধুৰী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ক’ভিডৰ প্রতিষেধকৰ দুটা ড’জ লোৱাৰ পাছতো চিকিৎসকগৰাকী আক্রান্ত হোৱাত প্রতিক্রিয়া সৃষ্টি হৈছে৷ বর্তমান তেওঁ হোম আইছ’লেচনত আছে৷ ইফালে, কৰিমগঞ্জত ৬গৰাকী, কাছাৰত ২৭গৰাকী, হাইলাকান্দিত ২গৰাকী ব্যক্তি নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷