নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও চহৰৰ থানাৰোড : পথ নহয় যেন পুখুৰীহে

নিয়মীয়া বাৰ্তা, ১ জুন : চিৰাং জিলাৰ সীমান্তৱৰ্তী অতি গুৰুত্বপূৰ্ণ ব্যৱসায়িক চহৰ হিচাপে খ্যাত বাসুগাঁও । এই বাসুগাঁও চহৰৰ অধিকাংশ বাট-পথ সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে । চহৰখনৰ বিশেষকৈ অতি গুৰুত্বপূৰ্ণ বাসুগাঁও থানাৰোডটি ইমানেই জৰাজীৰ্ণ হৈ পৰিছে যে উক্ত পথেৰে যান-বাহনৰ চালকে অহা-যোৱা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে । থানা চাৰিআলিত পুখুৰীসদৃশ গাঁত অতিক্ৰম কৰি পথচাৰীসকলে হেকাইপাৰা গাঁও অথবা কচুতোলা হৈ অন্যান্য ঠাইলৈ যাবলগীয়া হয় । পথৰ কাষৰ শাক-পাচলিৰ দোকান-পোহাৰ দেখিলে এনে ভাব হয় যে পুখুৰীৰ পাৰতহে দোকান-পোহাৰসমূহ বহিছে । এজাক বৰষুণতে একাঁঠুলৈ পানী জমা হোৱাত উক্ত পথেৰে যান-বাহন পাৰাপাৰ হ’লে বোক-পানী ছিটিকি শাক-পাচলিৰ ওপৰত পৰাৰ লগতে পথচাৰীৰ গাত ছিটিকি পৰে । অথচ উক্ত পথছোৱা গৌৰৱ পথ হিচাপে নামকৰণ কৰি লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তথা ৫ মাৰ্চত চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আধাৰশিলা স্থাপন কৰে । তদুপৰি চহৰখনৰ প্ৰত্যেকটো উপ-পথ ভাঙি-ছিঙি, জহি-খহি যাতায়াতৰ অনুপযোগী হৈ পৰিছে । অৱশ্যে একাংশ পথৰ মেৰামতিৰ কাম চলি থকা পৰিলক্ষিত হৈছে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like