🔹 ২৪ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শতবৰ্ষৰ মূল অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰা অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান তথা শতবৰ্ষ গৰকা বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানৰ লাইখুঁটা কালি প্ৰতিষ্ঠা কৰা হয় । এই উপলক্ষে বিদ্যালয় প্ৰাংগণত ৰাইজ, শিক্ষাগুৰু, প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতিত মাংগলিক অনুষ্ঠানৰ মাজেদি ২৪, ২৫ আৰু ২৬ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শতবৰ্ষৰ মূল অনুষ্ঠানৰ লাইখুঁটা আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে। উল্লেখ্য যে মূল অনুষ্ঠানৰ লগত সংগতি ৰাখি উক্ত তিনিটা দিনত বিভিন্ন কাৰ্যসূচী, সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা-চক্ৰ, স্মৃতিগ্ৰন্থ প্ৰকাশ, গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। ২৬ ডিচেম্বৰত মূল সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, ২৪ ডিচেম্বৰত পুৱা ১০ বজাৰ পৰা বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, ২৫ ডিচেম্বৰত পুৱা ১০ বজাত আলোচনা-চক্ৰ, দিনৰ ১ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান, সন্ধ্যা ৬ বজাৰ পৰা সম্বৰ্ধনা অনুষ্ঠান আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰু ২৬ ডিচেম্বৰত দিনৰ ১১ বজাৰ পৰা মুকলি সভা, সন্ধ্যা ৬ বজাৰ পৰা মূল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । অনুষ্ঠানটোৰ আটাইকেইটা দিনতে বৃহত্তৰ বালিপৰা অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজ, সুধী সমাজৰ অংশগ্ৰহণ-সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম