নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰাৰ বালিপৰা মজলীয়া বিদ্যালয়ত ২৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত শতবৰ্ষ অনুষ্ঠানৰ আজি সফল সামৰণি পৰে । অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি, দিনৰ ১ বজাৰ পৰা অনুষ্ঠানৰ মূল মঞ্চত উদযাপন সমিতিৰ সভাপতি, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ সভপতিত্বত অনুষ্ঠিত মূল সভা উদ্বোধন কৰে সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সভাপতি ৰঞ্জিৎ বৰঠাকুৰে । উদ্বোধনী ভাষণত তেওঁ কয় যে বিদ্যালয় এখনৰ সৰ্বাংগীণ উন্নয়নত শিক্ষক-শিক্ষয়িত্ৰী, সমাজ, অভিভাৱক, প্ৰাক্তন শিক্ষাৰ্থী, চৰকাৰ সকলোৰে দায়িত্ব আছে । আমি বিদ্যালয়ত পঢ়াৰ পৰিৱেশ গঢ়ি তুলিব লাগিব । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই কয় যে অভিভাৱকৰ কেতবোৰ দোষৰ বাবে অথবা ৰাজনৈতিক নেতৃবৃন্দৰ দোষৰ বাবে এখন বিদ্যালয় অথবা হাজাৰখন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে । চৰকাৰে ভাবি-চিন্তিহে একত্ৰীকৰণ কৰা উচিত । চৰকাৰে বিদ্যালয় একত্ৰীকৰণ কৰাৰ পৰিৱৰ্তে বিদ্যালয়সমূহ কেনেদৰে জীৱিত ৰাখিব পাৰি, তাতহে গুৰুত্ব প্ৰদান কৰা উচিত । মানুহে টিভিতকৈ ৰেডিঅ’ শুনাত অধিক গুৰুত্ব দিয়ক, ৰেডিঅ’ই সমাজক জ্ঞানী কৰাৰ চেষ্টা কৰি আহিছে। বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। সমাজৰ অপশক্তিসমূহক বাধা প্ৰদান কৰিব লাগিব। ভাল কাম কৰি যাব লাগিব। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন নাথে আঁত ধৰা মূল সভাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট সমাজসেৱক তথা ভৰলীপৰীয়া সমাজহিতৈষী কমিচন মিলি, বালিপৰা উন্নয়ন সমিতিৰ সভাপতি প্ৰেম মেধি, শোণিতপুৰ জিলা মজলীয়া স্কুল শিক্ষক সন্থাৰ সভাপতি বিকাশ ৰাজখোৱাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি, ৰাইজ, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত থাকে । উল্লেখ্য যে মূল সভাত ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হয় । মূল সভাতেই বিদ্যালয়খনৰ শতবৰ্ষৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা “শতাব্দীৰ দস্তাবেজ” শীৰ্ষক স্মৃতিগ্ৰন্থখন বিশিষ্ট লেখক ময়ূৰ বৰাই শুভ উন্মোচন কৰে । একেদৰে সন্ধ্যা ৬ বজাৰ পৰা বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় মূল সাংস্কৃতিক সন্ধ্যা ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম