নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ কুশতলীত বিজেপিৰ বিশাল যোগদান সভা

🔹 কংগ্ৰেছ-অগপ-এইউডিএফ কৰ্মীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : ২০২৪ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলবোৰৰ মাজত । ঠায়ে ঠায়ে যোগদান সভা পাতি নিজৰ নিজৰ ৰাজনৈতিক শক্তি বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী । এই ধাৰা অব্যাহত ৰাখি আজি মৰিগাঁও বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কুশতলীত বিজেপিয়ে এখন সাংগঠনিক তথা যোগদান সভাৰ আয়োজন কৰে । ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাস, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিত থকা উক্ত সভাখনত ৫ শতাধিক কংগ্ৰেছ, অগপ, এ ইউ ডি এফৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাবে গেৰুৱা দলটোত যোগাদান কৰে । এই যোগাদান কাৰ্যসূচীত উৎফুল্লিত হৈ ৰমাকান্ত দেউৰীৰ ঘোষণা- আজি মোৰ নেতৃত্বত কংগ্ৰেছ ধাৰাশায়ী । কংগ্ৰেছ, অসম গণ পৰিষদ, এ ইউ ডি এফৰ গোটেই কৰ্মীয়ে আহি বিজেপিত যোগদান কৰিছে । বিজেপি ১৪টা লোকসভা সমষ্টিতে শক্তিশালী হৈছে। বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিধায়কগৰাকীয়ে বিৰোধী ঐক্যক সমালোচনা কৰি কয় যি দলৰ এজনো প্ৰতিনিধি নাই, সেই দলৰ লগত মিত্ৰতা । কি আচৰিত কথা । যোৱাবাৰো তেওঁলোকে মহাজোঁট বন্ধন কৰিছিল । সেয়া মহাজঁটত পৰিণত হ’ল। এইবাৰো হ’ব । মৰিগাঁৱৰ কুশতলীত মৰিগাঁও জিলা বিজেপিয়ে আয়োজন কৰা সভাখনত অংশগ্ৰহণ কৰা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে বিধায়ক দেউৰীৰ নেতৃত্বক শলাগ লয় । আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত মন্তব্য কৰি দাসে কয়- নগাঁৱকে ধৰি অসমৰ ১৪খন আসনতে বিজেপিয়ে খোপনি পুতিছে । ২০২৪ত পুনৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰা বিজেপি নেতাজনে ‘INDIA’ জোঁটক বাঘ আৰু ছাগলীৰ সৈতে তুলনা কৰে ।

প্ৰেৰক আবুল কালাম

You might also like