নিয়মীয়া বাৰ্তা, ২৩ জুনঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুখীয়া জনসাধাৰণৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আবণ্টিত এক গ্ৰাম চাউল হৰলুকী হলেও এজেণ্ট, সমবায় সমিতি সকলোৱে জেলৰ ভাত খাব বুলি দিয়া সকীয়নিকো কেৰেপ নকৰি ঢকুৱাখনা সমবায় সমিতি (লিঃ)ত দৰিদ্ৰ জনসাধাৰণৰ বাবে আবণ্টিত প্ৰায় ১১শ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল হৰলুকী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ঢকুৱাখনা মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত পূব ঢকুৱাখনা সমবায় সমিতি লিমিটেডৰ দুৰ্নীতিগ্ৰস্ত সভাপতি ভৱেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ নেতৃত্বত সংঘটিত হোৱাৰ অভিযোগ তুলিছে এই চৰকাৰী খাদ্য সামগ্রীৰ কলা বজাৰ ৷ তথ্য মতে, সমবায়খনৰ সভাপতি আৰু সচিবৰ লুণ্ঠনকাৰী চৰিত্ৰৰ বাবে দৰিদ্ৰ হিতাধিকাৰীৰ মুখৰ ভাত কাঢ়ি পৰ্যায়ক্ৰমে চোৰাং বজাৰত বিক্ৰী কৰিছিল প্ৰায় ১১শ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল । পৰৱৰ্তী সময়ত সময় মতে আৰু নিৰ্ধাৰিত পৰিমাণৰ চাউল নিয়মীয়াভাৱে গ্ৰামাঞ্চলৰ হিতাধিকাৰীসকলে লাভ নকৰাৰ পাছত বিষয়টো পোহৰলৈ অহাত বিগত প্ৰায় ২০২০ চনৰ পৰাই মাহিলি আবণ্টিত চাউলৰ বিশাল অংশ কলা বজাৰলৈ যোৱাত চলিত জুন মাহত এই চাউলৰ পৰিমাণ প্ৰায় ১১শ কুইণ্টল হোৱা বুলি তথ্য লাভ কৰাত সমবায় সমিতিখনৰ একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী খাদ্য সামগ্ৰী হৰলুকী হোৱা ঘটনা সন্দৰ্ভত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাক অভিযোগ দি তদন্তৰ দাবী জনায় । আনহাতে, ঢকুৱাখনা মহকুমা প্ৰশাসনে ঘটনা সন্দৰ্ভত তদন্ত কৰি থকাৰ সময়তে পুনৰ সমিতিখনৰ একাংশ ভুক্তভোগী ৰেচন কাৰ্ডযুক্ত পৰিয়ালে মহকুমা প্ৰশাসনক আন এক অভিযোগ দাখিল কৰি সমিতিখনৰ পৰা হৰলুকী হোৱা প্ৰায় ১১শ কুইণ্টল চাউল ওভতাই আনি দৰিদ্ৰ আৰু বঞ্চিত হিতাধিকাৰীৰ মাজত বিতৰণৰ সু-ব্যৱস্থা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায় ৰাইজে। ঘটনা সন্দৰ্ভত মহকুমা প্ৰশাসনে গ্ৰহণ কৰা স্থিতিৰ ওপৰতে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও দাবী জনাই এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰো দাবী জনাইছে ভুক্তভোগী গঞা ৰাইজে ।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি