নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিৱেশন

🔹 বাৰপূজীয়াত ৩ হাজাৰ প্রতিনিধিক ৰাখিবলৈ সাজু ডেৰ কুৰি শিক্ষানুষ্ঠান

নিয়মীয়া বার্তা,  ৩১ জানুৱাৰী : অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনখন আজিৰ পৰা চাৰিদিনীয়া বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ অধিৱেশনখনৰ আজি পুৱা ৮.৩০ বজাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জনাই অধিৱেশনৰ কার্যসূচীৰ শুভাৰম্ভ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকা, উপ–সভাপতি ডাঃ গিৰীশ সন্দিকৈ, প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মাৰ লগতে কার্যনির্বাহকে৷ পুৱা ১০ বজাত পাঁচোৰজা সমন্বয় ক্ষেত্রৰ মূল তোৰণ আৰু সমন্বয় ক্ষেত্রৰ শুভ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ ইয়াৰ লগতে পাঁচোৰজাৰ সোঁৱৰণত বন্তি প্রজ্বলন কৰিব পাঁচোৰজাৰ পৰিয়ালে৷ শ্রীমন্ত শংকৰদেৱৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র শইকীয়াই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্রতিচ্ছবিত মাল্যাপর্ণ আৰু বন্তি প্রজ্বলন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই৷ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্র গোস্বামীৰ প্রতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি নৰেন্দ্র নাথ কেওটে৷ নাট্যমঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা শ্রীমন্ত শংকৰদেৱ সংঘৰ অতুল দাসে৷ গ্রন্থমেলা আৰু প্রদর্শনী (২ নং তোৰণ) দ্বাৰ উন্মোচন কৰিব মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাই৷ ৩ নং তোৰণ উদ্বোধন কৰিব বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ কুমুদ চন্দ্র বৰদলৈয়ে৷ মূল মণ্ডপ উদ্বোধন কৰিব মিকিৰভেটা ৰাজহ চক্রৰ চক্র বিষয়া নিকুঞ্জ কুমাৰ দাসে৷ গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰিব মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ বিশিষ্ট সাহিত্যিক গণেশ সেনাপতি সোঁৱৰণী মণ্ডপ উদ্বোধন কৰিব তিৱা স্বায়ত্ত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিয়ে৷ ভাষা শ্বহীদ সূর্য বৰা সোঁৱৰণী গ্রন্থমেলাৰ মঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্রণৱজ্যোতি মছৰঙে৷ মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কৰিব ডাঃ পুণিৰাম পাতৰ আৰু মৰিগাঁও জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে৷ বাণিজ্য মেলা উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী মাতুৰাম শর্মাই৷ ক্ষেত্রৰ অস্থায়ী কার্যালয়ৰ তোৰণ উন্মোচন কৰিব মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিষ্ণুপ্রসাদ উপাধ্যায়ে৷ মূল মঞ্চ উদ্বোধন কৰিব ৰহা ৰাজহ চক্রৰ চক্র বিষয়া সুপ্রভা ৰয়ে৷ গ্রন্থমেলা ক্ষেত্রৰ মঞ্চ উদ্বোধন কৰিব চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল চন্দ্র নাথে৷ দিনৰ ১২.৩০ বজাত মে–ডাম–মে–ফী উদযাপন৷ বিয়লি ৪ বজাত অসম সাহিত্য সভাৰ চতুর্থ পূর্ণাংগ কার্যনির্বাহক সভা উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মাই৷ সভাত আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে৷ সন্ধিয়া ৫ বজাত প্রতিনিধি শিবিৰ মুকলি আৰু নাম পঞ্জীয়ন উদ্বোধন কৰিব বিশিষ্ট জীৱনীকাৰ হৰেন গগৈয়ে৷

তিনি হাজাৰ প্রতিনিধিক ৰাখিবলৈ সাজু প্রায় ডেৰ কুৰি বিদ্যালয়

অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিৱেশনলৈ আহিব লগা অসমৰ প্রায় তিনি হাজাৰ প্রতিনিধিক ৰাখিবলৈ আদৰণী সমিতিয়ে ইতিমধ্যে বাৰপূজীয়াৰ লগতে সীমান্তৱর্তী অঞ্চলসমূহৰ প্রায় ডেৰ কুৰি বিদ্যালয় সাজু কৰিছে৷ এই বিদ্যালয়সমূহৰ ভিতৰত বাৰপূজীয়া ছোৱালী হাইস্কুল, নিজ মিকিৰগাঁও চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়, শ্বহীদ তিলক ডেকা হাইস্কুল, অলকাপুৰ মাধ্যমিক বিদ্যালয়, মাজগাঁও প্রাথমিক বিদ্যালয়, কেওটাগুৰি প্রাথমিক বিদ্যালয়, কপাহেৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়, ঘুমটিগাঁও এল পি স্কুল, চৰাইবাহী উচ্চতৰ বালিকা বিদ্যালয়, চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছধৰা এল পি স্কুল, জৰাবাৰী হেমৰাম পাতৰ মাধ্যমিক বিদ্যালয়, চৰাইবাহী মহাবিদ্যালয়, জাতীয় বিদ্যালয় বাৰপূজীয়া, নীলোৎপল ডেকা জুনিয়ৰ কলেজ, পশু চিকিৎসালয় বাৰপূজীয়া, ব্লেক অফিচ কেমপাছ আৰু কলনী, কপাহেৰা নিম্ন বুনিয়াদী বিদ্যালয়, কপাহেৰা প্রাথমিক বিদ্যালয় (সোণাৰুগুৰি), কপাহেৰা ছোৱালী হাইস্কুল (সোণাৰুগুৰি), কপাহেৰা ষ্টেডিয়াম, কপাহেৰা আই বি, কপাহেৰা শংকৰদেৱ বিদ্যা নিকেতন, বাজপেয়ী ভৱন, বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয়, পুখুৰীপাৰ নৱজ্যোতি প্রাথমিক বিদ্যালয়, বাৰপূজীয়া বহগাঁও প্রাথমিক বিদ্যালয়, শংকৰ মাধৱ মধ্য ইংৰাজী বিদ্যালয় (বৰুৱাখাট), দৰংগীয়াল গাঁও প্রাথমিক বিদ্যালয়, অমৰাৱতী প্রাথমিক বিদ্যালয়, খাপ্লাংকুছি প্রাথমিক বিদ্যালয়, মঠৰবডী চৰকাৰী বুনিয়াদী বিদ্যালয়, শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়, গান্ধীবড়ী মধ্য ইংৰাজী বিদ্যালয় আৰু জৰাবাৰী নেহৰু প্রাথমিক বিদ্যালয়৷ এই বিদ্যালয়সমূহতে অসমৰ বিভিন্ন জিলাৰ পৰা অহিব লগা প্রায় তিনি হাজাৰ প্রতিনিধিক ৰখাৰ ব্যৱস্থা কৰিছে৷

প্ৰেৰক মানস নাথ

You might also like