নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : ৯২সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ আজিৰে পৰা ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। পুৱা ধৰ্মীয় ৰীতি-নীতিৰে নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটীৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই ৰাস মহোৎসৱৰ মূল প্ৰৱেশদ্বাৰ উন্মোচন কৰাৰ পিছতে ৰাস মহোৎসৱৰ সভাপতি মদন পাঠকে ধৰ্মধ্বজা উত্তোলন কৰে। বৃহত্তৰ নগৰবেৰা অঞ্চলৰ ৯২গৰাকী বিশিষ্ট ব্যক্তিয়ে ৯২খন পতাকা উত্তোলন কৰি ৰাস মহোৎসৱৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীও সমাপন কৰা হয়। ১৩ দিনীয়া ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস