নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীত ৮ জুলাইত ২০২৪-২৫ নাট্যবৰ্ষৰ নাট্যাৰম্ভ ৰাজতিলক থিয়েটাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ বিগত নাট্য বৰ্ষসমূহৰ দৰে আভিজাত্য আৰু চমকপ্ৰদ আয়োজনেৰে জনপ্ৰিয়তাৰ শীৰ্ষত থকা ভ্ৰাম্যমাণৰ অন্যতম প্ৰথম শ্ৰেণীৰ নাট্যদল ৰাজতিলক থিয়েটাৰৰ ২০২৪-২৫ নাট্যবৰ্ষৰ মহাআয়োজন৷ প্ৰতিটো নাট্যবৰ্ষৰ অভূতপূৰ্ব সাফাল্যৰ ধাৰা অক্ষুন্ন ৰাখি অহা নাট্যবৰ্ষটো এদল ন-পূৰণি নাট্যযোদ্ধাৰ ৰথী-মহাৰথীৰে দৰ্শকৰ ৰুচিসম্পন্ন নাট্যসম্ভাৰ লৈ শক্তিশালী প্ৰযোজনাৰে অসমবাসীৰ মৰম আৰু আশীৰ্বাদ শিৰত লৈ ২০২৪-২০২৫ বৰ্ষৰ বাবে ১৭তম গৌৰৱোজ্জল নাট্যবৰ্ষৰ এক বৰ্ণাঢ্য বিশাল আয়োজন আৰু প্ৰযোজনাৰে সাজু হৈছে মধুমিতা শৰ্মাৰ দ্বাৰা প্ৰযোজিত আৰু অনুপ দাসৰ পৰিকল্পনাৰে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল “ৰাজতিলক থিয়েটাৰ”। অসমৰ জনপ্ৰিয় নাট্যকাৰ তিনিগৰাকীৰ ভিন্ন নাট্য স্বাদৰ ব্যতিক্ৰমী তথা ভিন্নধৰ্মী নাট্যসম্ভাৰ লৈ সাজু হৈছে নাট্যদলটিয়ে। য’ত আছে হাঁহি, কান্দোন, ৰোমাঞ্চ, চাছপেঞ্চৰ সমাহাৰেৰে নাট্যপ্ৰেমী ৰাইজৰ মনোৰঞ্জনৰ বাবে লৈ আহিছে যশস্বী নাট্যকাৰ পৰিচালক গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত নাট “ৰাজপথৰ ৰাজকুমাৰী”, অসমৰ বিশিষ্ট নাট্যকাৰ, সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাৰ বাস্তৱ ধৰ্মী নাট “অভিযন্তাৰ সেন্দূৰীয়া মন” আৰু অসমৰ জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ব্যতিক্ৰমী নাট “নীলা চকুৰ গান”। ২০২৪-২৫ নাট্যবৰ্ষত “ৰাজতিলক থিয়েটাৰ”ৰ মঞ্চত দেখিবলৈ পাব নাট্য জগত আৰু ৰূপালী পৰ্দাৰ সুদৰ্শন নায়ক ৰাগ ঐনিতম আৰু নাট্যমঞ্চ, চিনেমা জগতৰ জানমণি খ্যাত মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ লগতে ভ্ৰাম্যমাণ জগতৰ অভিজ্ঞ অভিনেতা, অভিনেত্ৰী বিনয় ডেকা, জিনা বড়ো, বিকী কাশ্যপ, নয়ন কৌশিক, মিতুল বালাজী আৰু এদল অভিজ্ঞ নাট্যযোদ্ধা তথা শিল্পী কলা কুশলী। অহা জুলাই মাহৰ ৮ তাৰিখে কামৰূপৰ ৰাণী চ’ক খুটাপাৰা (নাৰগাঁও)ৰ আখৰা গৃহত ২০২৪-২৫ নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ হ’ব। পৰিকল্পক অনুপ দাস, সম্পাদক হীৰকজ্যোতি হাজৰিকাৰ। পেন্দেলৰ বুকিং প্ৰক্ৰিয়া চলি থকা বুলি জানিবলৈ দিছে। যোগাযোগ কৰিব পাৰে – ৮৮২২৪৩০৪১৮, ৯৩৬৫৭৩২৪৪৭। ১৭তম বৰ্ষত ভৰি দিয়া নাট্যদলটোয়ে নাট্যপ্ৰেমী ৰাইজৰ পৰা বিচাৰিছে মৰম আশীৰ্বাদ।

প্ৰেৰক ৰমেন ভৰালী

You might also like