নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ বছৰীয়া প্ৰতিভাৱান যুৱকজনক জীয়াই তুলিবলৈ আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ নাটক কৰি ভাল পোৱা ল’ৰাটো, মঞ্চত অভিনয়ৰ মাজেৰে জীৱনৰ সপোন ৰচিব খোজা ল’ৰাটো অংশুপ্ৰতীম শইকীয়া ৷ হয়তো বহুতৰে চিনাকি নাম হৈ পৰিছিল অংশুপ্ৰতীম। হঠাৎ ২১ বছৰীয়া অংশুপ্ৰতীমৰ জীৱনলৈ নামি অহা কাল অমানিশাই তেওঁৰ পিতৃ-মাতৃৰ লগতে দুখীয়া পৰিয়ালটিৰ চৌদিশে অন্ধকাৰ নমাই আনিলে।

কাৰ্বি আংলঙৰ দেওপানী গাঁৱৰ কম বয়সীয়া যুৱক অংশুপ্ৰতীম বৰ্তমান অতিশয় সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাটকৰ ছাত্ৰ অংশুপ্ৰতীম শইকীয়া লিভাৰৰ অতি সংকটজনক ৰোগত আক্ৰান্ত হৈ বৰ্তমান Nemcare Hospitalৰ I.C.U ত চিকিৎসাধীন হৈ আছে ৷

প্ৰতিভাধৰ যুৱকজনৰ চিকিৎসাৰ বাবে বহু পৰিমাণৰ মোটা ধনৰ আৱশ্যক হৈ পৰিছে ৷ ইতিমধ্যে বহুতো শুভাকাংক্ষীয়ে তেওঁক সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া যথেষ্ট নহয় তেওঁ জীৱনটো বচাবৰ বাবে ৷

আনহাতে অংশুপ্ৰতীম শইকীয়াৰ একাউন্টটো ‘জিৰ’ বেলেন্সৰ একাউন্ট’ হোৱা বাবে ১ লাখতকৈ অধিক ধনৰ লেনদেন নহয়। সেই কাৰণে বহু শুভাকাংক্ষীয়ে তেওঁলৈ ধন পঠিয়াব পৰা নাই বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছোঁ।

গতিকে হৃদয়ৱান ব্যক্তিসকলক অংশুপ্ৰতীমৰ পিতৃ-মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিনম্ৰতাৰে অনুৰোধ জনাইছে ব্যক্তিসকলে শক্তি অনুযায়ী অংশুপ্ৰতীমক সহায় কৰিব বিচাৰিলে তেওঁৰে নাট্য শিক্ষাগুৰু সোণমণি শৰ্মাৰ একাউন্ট নম্বৰত বৰঙণি দিব পাৰিব ৷

আপোনালোকৰ অকণমান সহায়ে এজন প্ৰতিভাধৰ যুৱক সুষ্ঠ কৰি তুলিব পাৰে। পুনৰ মঞ্চত অভিনয় কৰিবলৈ সক্ষম কৰাব পাৰে। সকলোৰে সুবিধাৰ বাবে তলৰ একাউণ্ট নম্বৰটো দিয়া হ’ল
Sonmoni Sarmah
Ac. 33821676673
IfSc:SBIN0007060

You might also like