নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলবিৰোধী কাৰ্যকলাপৰ বাবে বিজেপিয়ে বহিষ্কাৰ কৰিলে ১৫গৰাকী নেতাক

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ আসন্ন লোকসভা নিৰ্বাচনত প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বহু চেষ্টা কৰাৰ পিছতো বহুকেইগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে বিমুখ হ’বলগীয়া হৈছে। বহুতে এইক্ষেত্ৰত দলীয় সিদ্ধান্ত মানি লৈছে যদিও আন বহুতে নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে।

এনে বঞ্চিত প্ৰাৰ্থীক লৈ বিজেপিয়ে লৈছে চৰম সিদ্ধান্ত। আজি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰায়ে এক প্ৰেছ বিবৃতিযোগে নিজ দলৰ ১৫গৰাকী সদস্যক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত বিষয়ে প্ৰকাশ কৰে।

বিবৃতিটোত ৰায়ে কয়- ‘অসম বিধানসভা নির্বাচন-২০২১ত ভাৰতীয় জনতা পার্টিৰ মনোনীত প্রার্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াই দলবিৰোধী কাৰ্যত লিপ্ত হোৱা কেইগৰাকীমান সদস্যক দলীয় সংবিধানৰ ধাৰা ২৫ৰ উপধাৰা ৯ অনুসৰি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাসই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ দলৰ প্রাথমিক সদস্যতাৰ পৰা ছবছৰৰ বাবে বহিষ্কাৰ কৰিছে।’

দলে ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা সদস্যসকল হ’ল- দিলীপ কুমাৰ পাল(শিলচৰ), শ্ৰীৰাও গজেন্দ্র সিং, (নাওবৈচা), প্রিয়ংকা নেওগ, (চাবুৱা), লক্ষেশ্বৰ মৰাণ, (ডুমডুমা), তৰুণ চাহু, (ঢেকীয়াজুলি), থৈবা সিং, (লক্ষীপুৰ), আশিস হালদাৰ, (সোণাই), ক্ষিতিশ ৰঞ্জন পাল, (হাইলাকান্দি), ৰাম কুমাৰ নুনিয়া, (কাটুলিচেৰা), মনোজ মোহন দেৱ, (হাইলাকান্দি), সীমা ইংতিপি, (বৈঠালাংছ’), হেমন্ত অধিকাৰী, (বৰচলা), দেৱজিৎ মৰাণ, (ডুমডুমা), ৰাজেশ কিষাণ, (ডুমডুমা) আৰু দিলীপ বে, (ডিফু)।

You might also like