🔹 ‘নিউজ লাইভ’ৰ ফটো সাংবাদিক বিকি দাসলৈ যুৱ সাংবাদিকতা বঁটা
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ একবিংশতিতম মধ্যকালীন অধিৱেশনখনি শনিবাৰে কেতেটং চিংফৌ ইক’ ল’জত সফলতাৰে সম্পন্ন হৈ যায় । পুৱা সংস্থাৰ সাধাৰণ সভাখনি অনুষ্ঠিত হয় ।পাৰ্থপ্ৰতীম গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে যুটীয়া সম্পাদক মানস প্ৰতিম গগৈয়ে । সংস্থাৰ উপদেষ্টা ৰামপ্ৰসাদ আম্বেদকাৰ, উপ-সভাপতি বিকাশ বৰুৱা, সমীৰণ বৰঠাকুৰ, সম্পাদক প্ৰশান্ত চেতিয়া, যুটীয়া সম্পাদক তপন দে, কোষাধ্যক্ষ মিঠুন বৰুৱা, সাংগঠনিক সম্পাদক ফাইজুৰ ৰহমান, কাৰ্যনিৰ্বাহক সদস্য খিলানাথ অধিকাৰী, শ্যামল নেওগ, বিকি দাস, আবদুল আলিম, জাহিদ খান, তপন গগৈ, প্ৰভাত বৰা, প্ৰতীক ছেত্ৰী, মৃদু বৰুৱা, কিচন লামা আদিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সংস্থাৰ সাংগঠনিক দিশ আৰু ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত আলোচনা কৰা হয় । পৰ্যবেক্ষক ৰূপে জিলা সম্পাদক ৰাণাজ্যোতি নেওগ উপস্থিত থাকি ভাতৃত্ববোধেৰে সংবাদসেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। সভাখনত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত বিদ্যুৎ সেৱা অনিয়মীয়া সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা, ড্ৰাগছৰ বিৰুদ্ধে জনমত গঠন, পাটকাইত অবাধ ধ্বংসযজ্ঞ প্ৰতিৰোধৰ ব্যৱস্থা আদিকে ধৰি ১১ টা প্ৰস্তাৱ গ্ৰহণ কৰে। অধিৱেশন উপলক্ষে অনুষ্ঠিত সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱাই ভাষণ আগবঢ়ায়। অধিৱেশন উপলক্ষে সমীৰণ বৰঠাকুৰৰ সম্পাদনাত প্ৰকাশিত মুখপত্ৰ “সীমান্ত” তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আনুষ্ঠানিকভাৱে উন্মোচন কৰে । মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি পাৰ্থপ্ৰতীম গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে যুটীয়া সম্পাদক মানস প্ৰতিম গগৈয়ে । উক্ত সভাত সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা ২০২৩ৰ বাবে নিৰ্বাচিত ‘নিউজ লাইভ’ৰ ফটো সাংবাদিক বিকি দাসক সন্মানিত কৰা হয়। তেওঁক সম্বৰ্ধনা পত্ৰ, স্মাৰক, গামোচাৰ লগতে পাঁচ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় । সভাত জ্যেষ্ঠ সাংবাদিক ধীৰেন ডেকা, বিভিন্ন প্ৰেছ ক্লাবৰ বিষয়ববীয়া, মনোজ বৰুৱা, মিন্টু তালুকদাৰ, প্ৰাঞ্জল ভূঞা, অনিল শৰ্মা, পুনেশ্বৰ ফুকন, কমল তালুকদাৰ, প্ৰণৱ ফুকন, চিন্ময় শৰ্মা, শান্তনু গোস্বামী, ৰামপ্ৰসাদ আম্বেদকাৰ, সঞ্জীৱ উলুপ, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কোষাধ্যক্ষ দীনেশ গোয়েল আদি উপস্থিত থাকে ।
প্ৰেৰক মানস প্ৰতিম গগৈ