নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ২২সংখ্যক খেল সপ্তাহৰ শুভাৰম্ভ

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ২২সংখ্যক খেল সপ্তাহৰ ৮ জানুৱাৰীত শুভাৰম্ভ কৰা হয়। পুৱা বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত মাধৱ বৰাই বিদ্যালয়ৰ পতাকা উত্তোলনেৰে বিদ্যালয় সপ্তাহৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জাতি-জনজাতিৰ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰি অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। ৮ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বিদ্যালয়খনৰ ২২সংখ্যক খেল সপ্তাহ অনুষ্ঠিত হ’ব। আজিৰে পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পানী-পাৰ, মেজিক চেয়াৰ, আকস্মিক বক্তৃতা, চিত্ৰাংকন, ভেশছনকে ধৰি বিভিন্ন খেলসমূহ অনুষ্ঠিত হ’ব। শিক্ষাৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিবলৈ প্ৰতিবছৰে এইদৰে খেল সপ্তাহ অনুষ্ঠিত কৰি আহিছে।

You might also like