গুৱাহাটীত আৰম্ভ ২৩ অনূর্ধ্ব ৰাষ্ট্রীয় বাস্কেট বল প্রতিযোগিতা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ ‘অসমত বাস্কেট বল নতুনকৈ পুনৰুজ্জীৱিত হৈছে৷ ইয়াক আগুৱাই নিয়াই আমাৰ উদ্দেশ্য৷’– অসম বাস্কেট বল সন্থাৰ উদ্যোগত তথা বাস্কেট বল ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধীনত প্রথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত ২৩ বছৰ অনূর্ধ্ব ৰাষ্ট্রীয় বাস্কেট বল চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ এনেদৰে মন্তব্য কৰে অসম বাস্কেট বল সন্থাৰ মুখ্য পৃষ্ঠপোষক তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷ তেওঁ কয় যে প্রথমবাৰলৈ অসমত এইবাৰ ২৩ বছৰ অনূর্ধ্ব বাস্কেট বলৰ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে৷ এটাই ভাল লাগিছে যে আজি অসমত বাস্কেট বলৰ ক্ষেত্রখন উজ্জীৱিত হৈ পৰিছে৷ দেশৰ ৩০খন ৰাজ্যৰ পৰা অহা ৩০টা ল’ৰা আৰু ২৫টা ছোৱালীৰ দলসহ প্রায় এহেজাৰ বিষয়া তথা ক্রীড়াবিদে এই প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে৷ সুকন্যা : অভিনেত্রী–ফেশ্বন ডিজাইনাৰ জ্যোতি ভূঞাৰে সাক্ষাৎকাৰ আমাৰ বাবে এয়া বহু ভাল খবৰ৷ বাস্কেট বলৰ ক্ষেত্রখনৰ উত্তৰণক লৈ মনতে পুহি ৰখা সপোনৰ কথা প্রকাশ কৰি মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শর্মাই কয়– আমি বাস্কেট বলক লৈ যি সপোন দেখিছোঁ সেয়া পূৰণ হ’ব বুলি আশা ৰাখিছোঁ৷ চেম্পিয়নশ্বিপত অংশগ্রহণ কৰা বিভিন্ন ৰাজ্যৰ দলসমূহৰ ভিতৰত অসমৰ দলটোক লৈও বহু আশা প্রকাশ কৰি তেওঁ কয়– স্বাভাৱিকতে নিজৰ ঘৰুৱা দলটোৰ প্রতি বহু আশা আছে৷ আশা কৰিছোঁ তেওঁলোকে ভাল খেলিব৷ অহা ২৪ মার্চলৈ সৰুসজাইৰ ইনড’ৰ ষ্টেডিয়াম আৰু মালিগাঁৱৰ উত্তৰ–পূব সীমান্ত ৰে’লৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রীয় বাস্কেট বল চেম্পিয়নশ্বিপখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছাই চেম্পিয়নশ্বিপত অংশ লোৱা ৰাজ্যসমূহৰ প্রত্যেকটো দলকে শুভকামনা জ্ঞাপন কৰে৷
তেওঁ কয়– আমি আজি খুব সুখী৷ ৩০খন ৰাজ্যৰ ৮২৫গৰাকী খেলুৱৈয়ে চেম্পিয়নশ্বিপখনত অংশ লৈছে৷ অহা ২৪ মার্চলৈকে তেওঁলোকে খেলিব৷ আশা কৰোঁ বহুত ভাল খেল আমি দেখিবলৈ পাম৷ অংশগ্রহণকাৰী প্রত্যেকগৰাকী খেলুৱৈক শুভেচ্ছা জনাই তেওঁ কয় যে বাস্কেট বল খেল নহয়, একোটা সমন্বয়ৰ প্রতীক হৈ পৰক৷ প্রতিযোগিতাখনত সকলো ৰাজ্যৰ খেলুৱৈৰ প্রতিভাৰ লগতে সাংস্কৃতিকভাৱেও এক সংমিশ্রণ ঘটিব৷ মনোযোগেৰে নিজ নিজ ৰাজ্যক প্রতিনিধিত্ব কৰা প্রতিগৰাকী খেলুৱৈক আহ্বান জনাই তেওঁ কয় যে চেম্পিয়নশ্বিপখনৰ জৰিয়তে খেলুৱৈসুলভ মনোবৃত্তিক সকলোৱে সুন্দৰভাৱে প্রদর্শন কৰক৷ বিগত সময়ছোৱাত অসম চৰকাৰে ক্রীড়া খণ্ডৰ উত্তৰণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ আলোকপাত কৰে৷ আজিৰ উদ্বোধনী অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশ লৈ বাস্কেট বল ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি আধভ অর্জুনে কয় যে বাস্কেট বলৰ ক্ষেত্রখনত পূর্বতে সুযোগ ইমানখিনি নাছিল৷ এতিয়া বহু সুযোগ আহি পৰিছে৷ সকলো খেলুৱৈকে খেলুৱৈসুলভ মনোবৃত্তিৰে প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ আহ্বান জনাই তেওঁ কয় যে খেলুৱৈসকলে নিজৰ ফিটনেছ লেভেল সঠিক ৰখাৰ ক্ষেত্রতো গুৰুত্ব দিব লাগে৷
সম্প্রতি বাস্কেট বলৰ ক্ষেত্রখনত বহু নতুন সম্ভাৱনা আহিছে৷ বিএফআয়ে বহু নতুন লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে৷ এছিয়ান গেমছ আমাৰ লক্ষ্য৷ আগন্তুক বর্ষসমূহত অলিম্পিকলৈও যাতে আমি খেলুৱৈ পঠিয়াব পাৰোঁ তাৰ প্রতিও সকলোৱে লক্ষ্য ৰাখিব লাগিব৷ অসম বাস্কেট বল এছ’চিয়েচনৰ সভাপতি পল্লৱলোচন দাসে কয় যে বিগত ২৫টা বছৰে বাস্কেট বলৰ যিদৰে অসমত উত্থান হ’ব লাগিছিল, সেয়া হোৱা নাই৷ ২৫ বছৰ পাছত পোনপ্রথমবাৰৰ বাবে বাস্কেট বলক লৈ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ অসমত অনুষ্ঠিত হৈছে৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ শাসনৰ দায়িত্বভাৰ গ্রহণ কৰাৰ পাছত আমাক বহু উৎসাহ যোগাইছে৷
ৰিণিকি ভূঞা শর্মাৰ নেতৃত্বত আমি সকলোৱে বাস্কেট বলক পুনৰুজ্জীৱিত কৰিলোঁ৷ নতুন ফর্মেটত অসম দল গঠন কৰা হৈছে৷ ভৱিষ্যতে যাতে যুৱপ্রজন্মই বাস্কেট বলক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়ি যাব পাৰে তাৰ ব্যৱস্থা আমি লৈছোঁ৷ উল্লেখ্য যে ২৪ মার্চত ৰাষ্ট্রীয় বাস্কেট বল চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠান সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উক্ত অনুষ্ঠানটোত অংশগ্রহণ কৰিব বুলিও সভাপতি পল্লৱলোচন দাসে লগতে কয়৷ অনুষ্ঠানটোত জলসম্পদ, জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কর্মী ৰঞ্জিত গগৈৰ পৰিচালনাত এটা সুন্দৰ সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়৷
বৈচিত্র্যময়ী হিন্দু ধর্ম বনাম শ্রীমন্ত শংকৰদেৱ সংঘ