বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : ঢোল-পেঁপা-গগনাৰ সুৰীয়া শব্দত মুখৰিত হ’ল শ্বহীদ নগৰী ঢেকীয়াজুলি ৷ ঢেকীয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সহযোগত অনুষ্ঠিত ২৫ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ কালি সামৰণি পৰে ৷ সামৰণী অনুষ্ঠানত শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীয়ে বিহুনাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে ৷ সামৰণী অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱা, মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কনক বৰদলৈ, ঢেকীয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণী ভট্ট, প্ৰশিক্ষক তথা বিহুকুঁৱৰী তৰালী বৰুৱা, ডেইজী চৌধুৰী, ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষক লক্ষ্যজ্যোতি তালুকদাৰ, ভাস্কৰ শইকীয়াৰ লগতে অৰ্চিতা বৰাক উষ্ম সম্বৰ্ধনা জনায় উদ্যোক্তাসকলে ৷ বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰী, শিক্ষাবিদ কনক বৰদলৈৰ লগতে কৰ্মশালাখনিত আছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক নিতুল বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নয়নজ্যোতি গগৈ, আছুৰ শোণিতপুৰ জিলাৰ সভাপতি অভিজিৎ নাথ, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ সহযোগত অনুষ্ঠিত কৰ্মশলাত দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । সভাৰ অন্তত আমন্ত্ৰিত অতিথিসকলে প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে ৷
প্ৰেৰক কল্পজ্যোতি নাথ