নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন

🔹 সমাজকৰ্মী দুৰ্লভ কাকতিকে ধৰি ৪গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : অসমৰ সাহিত্য জগতৰ সৰ্ববৃহৎ সংগঠন অসম সাহিত্য সভাই প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত গ্ৰহণ কৰি আহিছে এক ব্যতিক্ৰমী কাৰ্যসূচী। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াই যোৱা পুৰোধা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ এই কেন্দ্ৰীয় কাৰ্যসূচী অনুসৰি নাহৰকটীয়া শাখা সাহিত্য সভায়ো অঞ্চলটোৰ মুঠ ৪গৰাকীকৈ বিশিষ্ট ব্যক্তিক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সেই অনুসৰি নাহৰকটীয়া শাখা সাহিত্য সভাৰ সভাপতি পঞ্চানন দেৱ গোস্বামীৰ নেতৃত্বত শাখাৰ এটা সঁজাতী দলে নাহৰকটীয়া মহাবিদ্যালয় প্ৰতিষ্ঠা কালত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশিষ্ট সমাজকৰ্মী তথা জেউতিমৰল প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লংজং গাঁও নিবাসী দুৰ্লভ কাকতিৰ বাসগৃহত উপস্থিত হৈ শাখাৰ সম্পাদিকা ধৰিত্ৰী লাহনে আঁত ধৰা এক অনুষ্ঠানত তেওঁক অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ বাদেও শাখাটোৱে নাহৰকটীয়া নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে লক্ষী চাৰিঙীয়া ফুকন, ৰেণু সন্দিকৈ আৰু বিশিষ্ট অনাতাঁৰ শিল্পী, সাংস্কৃতিক কৰ্মী কমল মজুমদাৰকো একেদৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটোত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহ: সম্পাদক লবণু শইকীয়াকে ধৰি জিলা কাৰ্য্যনিৰ্বাহক প্ৰশান্ত গগৈ, ডিম্বেশ্বৰ ভূঞা, নাহৰকটীয়া শাখাৰ উপ-সভাপতি স্বপ্না শৰ্মাকে ধৰি শাখা সাহিত্য সভাৰ সদস্যসকল উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like