নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : কামৰূপৰ নৱগঠিত বকো-ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ গৃহ নিৰ্মাণৰ প্ৰায় ত্ৰিশ বছৰ পাছতো আজিকোপতি মুকলি নোহোৱাত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ প্ৰকট হৈ পৰিছে | উল্লেখ্য যে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা তদানীন্তন প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাসে ১৯৯২ চনৰ ২৫ নবেম্বৰত নগৰবেৰাত ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। ১৯৯৬ চনত নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ চৌহদত এক কোটি টকা ব্যয় কৰি চিকিৎসালয়গৃহ আৰু আৱাস নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ পাছতো চিকিৎসালয়খনৰ কাম-কাজ আজি সুদীৰ্ঘ ৩০ বছৰ পাছতো আৰম্ভ নোহোৱাত ৰাইজ তথা বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে | বৃহত্তৰ নগৰবেৰা আৰু ইয়াৰ পাৰ্শৱৰ্তী অঞ্চলসমূহৰ দুই লক্ষাধিক লোকৰ চিকিৎসা সেৱাৰ নিৰ্ভৰযোগ্য নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এতিয়াও পৰ্যাপ্ত চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু আন্তঃগাঁথনিৰ সা-সুবিধা নাই, চিকিৎসালয়খনৰ দুৰ্বল আন্তঃগাঁথনিৰ ফলত আজিৰ দিনতো কিছু জটিলতা থকা ৰোগীৰ লগতে বিশেষকৈ প্ৰসূতিৰ ক্ষেত্ৰত চিকিৎসালয়খনৰ পৰা জটিল পৰিস্থিতিত দূৰণিবটীয়া বকো, গুৱাহাটী কিম্বা গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ ৰোগীক প্ৰেৰণ কৰিবলগীয়া হয়। তদুপৰি নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ প্ৰবেশ পথৰ বিপজ্জনক অৱস্থাই চিকিৎসালয়লৈ যোৱা ৰোগীক যমৰ যাতনা ভোগাই আহিছে। ফলত প্ৰয়োজনীয় তথা উন্নত মানৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত নগৰবেৰা, পিজুপাৰা, জামলাই, বিদ্যানগৰ, কল্যাণপুৰ, নাইটৰ, পলাহৰটাৰী, গান্ধীনগৰ, কালুবাৰী, মালঞ্চা, টুপামাৰী, ৰাংগাপানী, মেধিপাৰা, ৰংগেশ্বৰী আদি গাঁৱৰ লগতে বৰপেটা জিলাৰ চেঙা আৰু বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলৰ ৰোগীয়ে নিতৌ চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে | বিগত কংগ্ৰেছৰ শাসন কালত ৰাইজৰ বাৰম্বাৰ দাবীৰ পৰিপ্ৰেক্ষিতত প্ৰয়াত তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মন আৰু তদানীন্তন জলসম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে উক্ত চিকিৎসালয়খন মুকলি কৰাৰ বাবে ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যদিও আজি ৩০ বছৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নহ’ল। তদুপৰি বৰ্তমান বিজেপি চৰকাৰৰ দিনতো চিকিৎসালয় মুকলি হোৱাতো দূৰৰে কথা, দুৰ্ভাগ্যজনকভাৱে ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰো বিশেষ একো পৰিৱৰ্তন নহল। ফলত বছৰৰ পাছত বছৰ অব্যৱহৃত হৈ থকা কোটিটকীয়া ৩০খন বিছনাযুক্ত চিকিৎসালয় গৃহটো সম্প্ৰতি জহি-খহি যোৱাৰ লগতে ভূতবাংলাত পৰিণত হৈছে। বকো সমষ্টিৰ বৰ্তমানৰ বিধায়িকা নন্দিতা দাসেও চিকিৎসালয়খন মুকলি কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শীঘ্ৰে নগৰবেৰাৰ ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন মুকলি কৰি কাৰ্যক্ষম কৰি তুলিবলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, স্থানীয় বিধায়িকা নন্দিতা দাস, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অঞ্চলটোৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে দাবী জনোৱাৰ লগতে এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস