অধিবেশনত অংশগ্ৰহণৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ৩দিনৰ ছুটী
নিয়মীয়া বার্তা, ১ এপ্ৰিল : অহা ৪ এপ্ৰিলৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঢকুৱাখনাৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম বিজ্ঞান সমিতিৰ ৫৫সংখ্যক ৰাজ্যিক অধিৱেশন।ইতিমধ্যে নৱ কুমাৰ দলক সভাপতি, ডঃ অমল চন্দ্ৰ দত্ত,দেৱজিত ফুকনক কাৰ্যকৰী সভাপতি আৰু পৰমানন্দ দত্তক সম্পাদক হিচাপে লৈ গঠন কৰা আদৰণি সমিতিক অধিৱেশনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে।পৰিৱেশ আৰু মানৱৰ বাবে শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত হ’বলগীয়া অসম বিজ্ঞান সমিতিৰ এইবাৰ ঢকুৱাখনা অধিৱেশন হ’ব সম্পূৰ্ণ প্লাষ্টিকমুক্ত।অধিৱেশনলৈ অহা কোনো লোকে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।ৰাজ্যৰ বিভিন্ন জিলাৰ বিজ্ঞানী,বিজ্ঞান কৰ্মী,শিশু বিজ্ঞানী আৰু প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে আদৰণি সমিতি।কাৰ্যসূচী অনুসৰি ৪ এপ্ৰিলৰ পুৱা ৮.৩০ বজাত অসম বিজ্ঞান সমিতিৰ সভাপতি ডঃ ধীৰেশ্বৰ কলিতাই পতাকা উত্তোলনেৰে পাতনি মেলিব তিনিদিনীয়া কাৰ্যসূচীৰ।ইয়াৰ পিছতে স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে অংশ ল’ব অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব মৃণাল কুমাৰ হাজৰিকাই।পুৱা ৯.৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰিব ভাৰত জন বিজ্ঞান যাত্ৰাৰ সম্পাদক ডঃ মনোজ কুমাৰ পাটোৱাৰীয়ে।পুৱা ১০ বজাত তিনিওটি দিনৰ অনুষ্ঠানৰ শুভাৰম্ভনি কৰিব অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি ডঃ বাৰীন্দ্ৰ কুমাৰ শৰ্মাই।ইয়াৰ পিছতে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ সত্যৰঞ্জন নেওগৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘কৃত্ৰিম বুদ্ধিমত্তা আৰু ইয়াৰ ভৱিষ্যত’ শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান।এই বক্তৃতানুষ্ঠানত বিশিষ্ট বিজ্ঞানী ডঃ ইফটাক হুছেইনে সমল বক্তা হিচাপে বক্তৃতা প্ৰদান কৰিব।ইয়াৰ পিছতে অনুষ্ঠিত হ’ব ‘কৰ্কট ৰোগ সম্পৰ্কে সজাগতামূলক মুখামুখি অনুষ্ঠান।এই অনুষ্ঠানত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকন সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। বিয়লিলৈ পৰিৱেশমিত্ৰ দেৱজিত ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হ’ব জনপ্ৰিয় বক্তৃতা অনুষ্ঠান আৰু সমল ব্যক্তিৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান।এই অনুষ্ঠানত জহিংস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য কৃষি বিজ্ঞানী ডঃ প্ৰৱাল শইকীয়া,লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ প্ৰশান্ত বড়ো আৰু ঢকুৱাখনাৰ পশু চিকিৎসা বিষয়া ডাঃ ৰূপম গগৈয়ে অংশ ল’ব। ৫ এপ্ৰিলৰ পুৱা ১০ বজাত অসম গৌৰৱ মুগা শিল্পৰ বিষয়ত আলোচনা।ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঞিৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আৰু শিক্ষাবিদ তথা মুগাপালক প্ৰমোদ দত্তই উদ্বোধন কৰিবলগীয়া আলোচনা চক্ৰখনিত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী ডঃ সোমেন্দ্ৰ নাথ বুঢ়াগোহাঁই আৰু কেন্দ্ৰীয় মুগা-এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কাৰ্তিক নেওগ আলোচক হিচাপে উপস্থিত থাকিব।ইয়াৰ পিছতে অনুষ্ঠিত হ’বলগীয়া গণিত বিষয়ত বার্তালাপত আলোচক হিচাপে অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভীমকান্ত শৰ্মাই। আবেলি ১-৩০ বজাত স্মাৰকগ্ৰন্থ আৰু অনান্য গ্ৰন্থ উন্মোচন।উন্মোচনী অনুষ্ঠানত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক অমিয় কুমাৰ সন্দিকৈ,ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতী উপস্থিত থাকিব।ইয়াৰ পিছতে বিয়লিলৈ অনুষ্ঠিত হ’ব ‘বন্যপ্ৰানী সংৰক্ষণ আৰু আমাৰ কৰণীয়’ শীৰ্ষক আলোচনা চক্ৰ।সন্ধিয়ালৈ আকাশ চাওঁ আহক শীর্ষক তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান।তৃতীয় তথা অন্তিম দিনৰ পুৱা ১০ বজাত বিজ্ঞানীৰ লগত অন্তৰংগ আলাপ।ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে সঞ্চালনা কৰিবলগীয়া অন্তৰংগ আলাপ অনুষ্ঠানত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সঞ্চালক ডঃ অৰূপ কুমাৰ মিশ্ৰ,অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱা আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব।দুপৰীয়া অনুষ্ঠিত হ’ব মুকলি সভা।অসম বিজ্ঞান সমিতিৰ সভাপতি ডঃ ধীৰেশ্বৰ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগতে কেইবাজনো বিজ্ঞানী আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰিব।তিনিওটা দিনৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিৰ লগতে অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াই।ইফালে ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ অনুষ্ঠিত হ’ব লগা এই ৰাজ্যিক অধিবেশনত অংশগ্ৰহণ কৰিব বিচৰা ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ছুটীৰ মঞ্জুৰ কৰিছে।ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সঞ্চালক বুবুল লেখাৰুৰ ২২০৬৮২/৭৬ নম্বৰৰ নিৰ্দেশনা যোগে ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী অসম বিজ্ঞান সমিতিৰ সদস্য সেইসকল কৰ্মচাৰীক চৰকাৰী আকস্মিক ছুটী (স্পেচিয়েল কেজুৱেল লিভ) প্ৰদান কৰা বুলি জনাইছে।ৰাজ্যখনৰ সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ জৰিয়তে এই বিশেষ ছুটী বিজ্ঞান সমিতিৰ সদস্য সকলে উপভোগ কৰিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।
প্ৰেৰক পুলকজ্যোতি বৰা