নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱৰ ৫৭৪সংখ্যক জন্ম জয়ন্তী  উদযাপন

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : আজি শ্ৰীশ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪সংখ্যক জন্ম জয়ন্তী নাম-কীৰ্তনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা ঊষাকীৰ্তন, দিহানামৰ পিছতেই বৰনামঘৰৰ পৰিচালনা সমিতিয়ে গাঁৱৰ ৰাইজ আৰু নামঘৰলৈ অহা ভক্তসকলৰ সহযোগত এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ১০ কিলোমিটাৰৰো অধিক পথ শোভাযাত্ৰা কৰে। এই শোভাযাত্ৰাত কৃষ্টি-সংস্কৃতিৰ লগতে জাতি-জনগোষ্ঠীসমূহে কৃষ্টি প্ৰদৰ্শন কৰি এক মনোমোহা পৰিৱেশ কৰি তোলে। শোভাযাত্ৰাৰ পিছতে নামঘৰৰ ভকতসকলে যোগান পৰিৱেশন কৰি গুৰুজনাৰ কৃষ্টি-সংস্কৃতি খোলবাদ্য প্ৰদৰ্শন কৰে। তাৰ পিছত বটৰগঞা সত্ৰৰ নামাচাৰ্য অৱনী গোস্বামীয়ে নাম-প্ৰসংগ আৰু তাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথি পাঠ কৰাৰ পিছতে ভকত-বৈষ্ণৱসকলৰ মাজত প্ৰসাদ বিতৰণ কৰে। ইয়াৰ পিছতে মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বৰগীত, নৃত্য-গীত প্ৰদৰ্শন কৰে । ৰাতিলৈ গাঁৱৰ যুৱকবৃন্দৰ দ্বাৰা শংকৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি ‘পৰশুৰামৰ মাতৃ হত্যা’ ভাওনা প্ৰদৰ্শন হ’ব বুলি জানিবলৈ দিয়ে ।  নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা আৰু সম্পাদক বাখৰ বৰাই জানিবলৈ দিয়া মতে, পূৰ্বৰ দৰে এই বছৰতো শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱভাগ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে। অন্য বছৰৰ দৰে এই বছৰতো অগণন ভক্তৰ সমাগম ঘটিছে। ইফালে, মাধৱদেৱ সংগীত বিদ্যালয়ৰ ছাত্ৰ হৰিকৃষ্ণ বৰাই যোৰহাটৰ খাজুৰিগুৰি বৰনামঘৰত বৰগীত প্ৰদৰ্শন কৰি প্ৰথম স্থান লাভ কৰা আৰু কৌস্তভ বৰাই দ্বিতীয় স্থান লাভ কৰাত তেওঁলোককো আদৰণি জনাইছে। আজি কাকজান, মেলেঙকে ধৰি সমগ্ৰ অঞ্চলসমূহৰ নামঘৰসমূহত শংকৰদেৱৰ জন্মোৎসৱ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰাৰ লগতে বৰগীত, খোলবাদ্য, গায়ন-বায়নসহ অনুষ্ঠিত হোৱা দেখা যায় ।
প্ৰেৰক দিলীপ দত্ত
You might also like