নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ৬৩সংখ্যক গুৰিহাটী ৰাস মহোৎসৱৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২০ নবেম্বৰ : ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঐতিহ্যমণ্ডিত গুৰিহাটী ৰাস মহোৎসৱটি এইবেলি ২৫ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব । ৬৩ সংখ্যক এই ৰাস মহোৎসৱ সুচাৰুৰূপে চলাই নিয়াৰ বাবে বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰক সভাপতি, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক খগেন নাৰ্জাৰীক কাৰ্যকৰী সভাপতি, ধ্ৰুৱজ্যোতি বড়ো আৰু মদন ৰাভাক যুটীয়া সম্পাদক হিচাপে লৈ কেইবাখনো উপ-সমিতিৰে ইতিমধ্যে এখন শক্তিশালী ৰাস উদযাপন সমিতি গঠন কৰা হৈছে । উদযাপন সমিতিয়ে যুদ্ধকালীন তৎপৰতাৰে ৰাসোৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাত ব্যস্ত হৈ পৰা দেখা গৈছে । ইপিনে, মৃণ্ময় মূৰ্তিসমূহ ৰং-তুলিকাৰে আটকধুনীয়াকৈ সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলেও । এইবেলি গুৰিহাটী ৰাসোৎসৱৰ ষ্টলসমূহত থাকিব এশ একুৰি মৃণ্ময় মূৰ্তি । কাৰ্যসূচী অনুসৰি ২৫ নৱেম্বৰত বিয়লিৰ ভাগত ৰাধা-কৃষ্ণৰ প্ৰতিমা লৈ উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব সাংসদ দিলীপ শইকীয়াই । ইয়াৰ পিছতে প্ৰতিমা স্থাপন কৰিব পুৰোহিত প্ৰদীপ চৌধুৰীয়ে । নিশাৰ ভাগত আছে সম্বৰ্ধনা অনুষ্ঠান । দ্বিতীয় দিনা পুৱাৰ ভাগত ৰাস উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি জগদীশ সৰকাৰে । খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক নৃপেন্দ্ৰ সৰকাৰে মুকলি কৰিব স্মৃতি তৰ্পণ কাৰ্যসূচী । ৰাসোৎসৱৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৱে । প্ৰতিমা দৰ্শনৰ দ্বাৰ উদঘাটন কৰিব মহকুমাধিপতি (ভেৰগাঁও ) পল্লবী কছাৰীয়ে। খৈৰাবাৰীবাসী ৰাইজে ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা ৰাসোৎসৱ উপলক্ষে ভাগৱত পাঠ, নাগাৰা নাম, আয়তী নাম, বাউল সংগীত আদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । ইপিনে, ৰাসোৎসৱত বৈদ্যুতিক সাজ-সজ্জাৰে নিৰ্মিত আটকধুনীয়া মৃণ্ময় মূৰ্তিসমূহৰ লগতে মীনা বাজাৰ, বাণিজ্য মেলা, চাৰ্কাছ, চিনেমা, চিত্ৰহাৰ, যাদু খেল, মৌত -কা -কোৱা, ড্ৰেগন, আদি উপভোগ কৰাৰো সুযোগ লাভ কৰিব দৰ্শনাৰ্থীসকলে । জনজাতীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ কেইবাখনো বিপণীও থাকিব ৰাসথলীত । ৰাসোৎসৱটি শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে চলাই নিয়াত সহযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে ৰাসোৎসৱথলীত জুৱা খেল আৰু সুৰাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে উদযাপন সমিতিয়ে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like