নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ফাইনেলত উপেক্ষিত কপিল দেৱ

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : বিশ্ববিজয়ী অধিনায়কসকলক ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত ফাইনেলৰ মাজতে বিশেষ সম্বর্ধনা জনোৱা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে ভাৰত, ৱেষ্ট ইণ্ডিজ, অষ্ট্রেলিয়া, শ্রীলংকা আৰু ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অধিনায়কসকল৷ কিন্তু উপস্থিত থাকিব নোৱাৰিলে ইমৰান খান৷ সম্প্রতি তেওঁ দেশখনৰ কাৰাগাৰত বন্দী হৈ আছে৷ ফলত বিশ্বকাপৰ ফাইনেলত অন্য সকলো অধিনায়কক দেখা পোৱা গ’লেও তেওঁক দেখা নগ’ল৷ কালি দুয়োটা ইনিংছৰ মাজতে বিশ্বকাপ বিজয়ী অধিনায়কসকলক সম্বর্ধনা জনোৱা হয়৷ তেওঁলোকক এটি বিশেষ ব্লেজাৰ দিয়া হৈছে৷ উল্লেখ্য যে ইমৰানে খেলাৰ পৰা সন্ন্যাস লোৱাৰ পিছত ৰাজনীতিত যোগ দিয়ে৷ পাকিস্তানৰ প্রধানমন্ত্রী হৈছিল তেওঁ৷ সেই সময়ত তেওঁৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপিত হয়৷ তেওঁক গ্রেপ্তাৰ কৰা হৈছে আৰু সম্প্রতি জে’লত আছে৷ ইপিনে ১৯৮৩ চনত ভাৰতৰ হৈ প্রথম বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱে ফাইনেললৈ নিমন্ত্রণ পোৱা নাই বুলি জানিব পৰা গৈছে৷ সংবাদ মাধ্যমৰ আগত কপিল দেৱে জনাইছে যে তেওঁ আয়োজকসকলৰ পৰা নিমন্ত্রণ পোৱা নাই৷ এই প্রসংগত কপিলে কয়– মই বিচাৰিছিলোঁ ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটো তাত উপস্থিত থকাটো৷ কিন্তু আয়োজকসকল যথেষ্ট ব্যস্ত থাকিবলগীয়া হৈছে৷ সেইবাবে হয়তো আমাক পাহৰি গৈছে৷

You might also like