নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত প্ৰতিষ্ঠা ৫ কুইণ্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : বিশাল শোভাযাত্ৰাৰে ৫ কুইন্টল ওজনৰ ৮ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি লৈ জামুগুৰিহাট আৰু চতিয়াত দেখা পোৱা গ’ল ব্যাপক উৎসাহ আৰু উদ্দিপনা৷যুৱ উদ্যোগী নীৰজ নিশিম হাজৰিকাৰ প্ৰচেষ্টাত জামুগুৰিহাটৰ শান্তিপুৰস্থিত কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখ ভাগত অহা লাচিত দিৱসৰ দিনটোতে সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হ’ব এই বৃহৎ প্ৰতিমূৰ্তি ৷সেই উদ্দেশ্যে ভাস্কৰ্য শিল্পী মনজিত হাজৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিভাগ আজি সন্মুখত গজৰাজ আৰু পুষ্পসজ্জিত বাহনত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি বৃহৎ শোভাযাত্ৰাৰে লৈ অহা হয় কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখলৈ৷ইয়াৰ পিছতেই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত অৱস্থিত কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সন্মুখত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হয় লাচিতৰ প্ৰতিমূৰ্তিভাগ৷হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰতিমূৰ্তি ভাগ প্ৰতিষ্ঠাৰ পিছত বিধায়ক হাজৰিকাই উদ্যমী যুৱক নীৰজ নিশিম হাজৰিকাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে অসমীয়া জাতিৰ শৌৰ্য্য বীৰ্যৰ প্ৰতিক মহাবীৰ লাচিতৰ নিভাঁজ দেশপ্ৰেম তথা বীৰত্বক সৰোগত কৰি অনাগত দিনত অসমীয়া জাতিটো আগবাঢ়িব লাগিব বুলিও মত পোষণ কৰে৷
প্ৰেৰক হিৰণ্য বৰা
You might also like