🔹 ড০ ভূপেন হাজৰিকাৰ নামত মুদ্রা প্রৱর্তনৰ বাবে অনুৰোধ জনোৱাৰ সিদ্ধান্ত
বিশেষ বাৰ্তা, ১৩ এপ্রিল : নাগৰিকসকলক কার্যকৰী প্রশাসন ব্যৱস্থা আৰু উন্নত সেৱা প্রদান নিশ্চিত কৰাৰ বাবে জনতা ভৱনস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে নতুনকৈ ১০খন সম–জিলা গঠনত অনুমোদন জনায়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে চলিত বর্ষৰ ১৫ আগষ্টত সেই ১০খন সম–জিলা গঠনত অনুমোদন জনায়৷ নতুনকৈ সম–জিলা গঠন হ’বলগীয়া সমষ্টিকেইটা হৈছে– বকো–ছয়গাঁও, পলাশবাৰী, বৰছলা, ৰঙাপৰা, মাকুম, টিয়ক, মৰিয়নি, ধলাই, ডিগবৈ আৰু দুধনৈ৷ সেইদৰে কেবিনেটে টাটাৰ সহযোগত আছাম কেঞ্চাৰ ফাউণ্ডেচনৰ অধীনত ৰাজ্যৰ বিভিন্ন প্রান্তত ১৬খন কেঞ্চাৰ কেয়াৰ হাস্পতাল নির্মাণৰ কাম হাতত লৈছে৷ ইয়াৰে ৯খনৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ ৭খন নির্মীয়মাণ অৱস্থাত আছে৷ নির্মীয়মাণ অৱস্থাত থকা ৭খনৰ কাম–কাজ আগুৱাই নিবলৈ কেবিনেটে ২৫০ কোটি টকাৰ অনুমোদন জনায়৷ ইতিমধ্যে ৰাজ্য চৰকাৰে কেঞ্চাৰ কেয়াৰ হাস্পতালৰ বাবে ২৫০০ কোটি টকা ব্যয় কৰিছে৷ একেদৰে কেবিনেটে বোকাখাত, ডিব্রুগড়, যোৰহাট আৰু বজালীত ৪টা দুগ্ধ সংসাধন গোট কার্যকৰী কৰাৰ বাবে দুগ্ধ উন্নয়ন বিভাগৰ অধীনত এই আন্তঃগাঁথনিসমূহ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত উত্তৰ–পূব দুগ্ধ আৰু খাদ্য লিমিটেডক হস্তান্তৰ কৰিবলৈ অনুমোদন জনায়৷ আনহাতে, কেবিনেটে অহা ৮ ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কার্যসূচীৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন সম্পর্কত বিস্তৃত আলোচনা কৰি কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মেলযোগে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে অহা ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৮ ছেপ্টেম্বৰলৈ বছৰজোৰা কার্যসূচীৰে ড০ হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰা হ’ব৷ অহা ৮ ছেপ্টেম্বৰত হ’বলগীয়া শুভাৰম্ভ অনুষ্ঠান দেশৰ ৰাষ্ট্রপতি বা প্রধানমন্ত্রীৰ কৰকমলেৰে আৰম্ভ কৰা হ’ব৷ সেইদৰে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত হ’বলগীয়া সামৰণী অনুষ্ঠানটো ৰাষ্ট্রপতি বা প্রধানমন্ত্রীৰ উপস্থিতিত সম্পন্ন কৰা হ’ব৷ আৰম্ভণি অথবা সামৰণিৰ যিকোনো এটা অনুষ্ঠান নতুন দিল্লীত অনুষ্ঠিত হ’ব আৰু এটা অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হ’ব৷ তদুপৰি আন তিনিটা বিশেষ অনুষ্ঠান অৰুণাচল প্রদেশ, কলকাতা আৰু মুম্বাইত অনুষ্ঠিত কৰা হ’ব৷ ড০ হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে অসমৰ মুখ্যমন্ত্রীৰ অধ্যক্ষতাত আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০জনীয়া শতবার্ষিকী উদযাপন সমিতি গঠন কৰা হ’ব৷ উত্তৰ–পূর্বাঞ্চলৰ বাকী ৭খন ৰাজ্যৰ মুখ্যমন্ত্রীক এই সমিতিত পৃষ্ঠপোষক হিচাপে অংশ ল’বলৈ আমন্ত্রণ জনোৱা হ’ব৷ এই জন্ম শতবার্ষিকীতে ড০ ভূপেন হাজৰিকাৰ নামত এটা বিশেষ আন্তঃগাঁথনি বা বিশেষ অনুষ্ঠান উৎসর্গিত কৰা হ’ব৷ এই সম্পর্কত ৫০জনীয়া উদযাপন সমিতিয়ে সিদ্ধান্ত গ্রহণ কৰিব৷ সেইদৰে ড০ হাজৰিকাৰ সংক্ষিপ্ত জীৱনী এখন প্রকাশ কৰি ৰাজ্যৰ ১০ লাখ লোকলৈ প্রেৰণ কৰা হ’ব৷ বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰীক এই সংক্ষিপ্ত জীৱনী প্রণয়নৰ দায়িত্ব দিয়া হৈছে৷ পৰৱর্তী পর্যায়ত এই সংক্ষিপ্ত জীৱনীখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰি দেশৰ সকলো পুথিভঁৰাললৈ প্রেৰণ কৰা হ’ব৷ একেদৰে ড০ হাজৰিকাৰ জীৱন আৰু কর্মৰাজিক লৈ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত এখন তথ্যচিত্র নির্মাণ কৰা হ’ব৷ ভাৰতৰত্ন ড০ হাজৰিকাৰ সন্মানার্থে এটা স্মৃতি মুদ্রা মুকলিৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু ৰিজার্ভ বেংক অৱ ইণ্ডিয়াক অনুৰোধ কৰাৰ বাবেও কেবিনেটে অনুমোদন জনায়৷ এই বছৰটোত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত ড০ ভূপেন হাজৰিকাৰ গীত আৰু কর্মজীৱন সম্পর্কত প্রচাৰৰো বিশেষ প্রচেষ্টা চৰকাৰে হাতত ল’ব৷