নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা  শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশন

🔹 আকৰ্ষণৰ কেন্দ্ৰবিন্দু চক্ৰবেহু

🔹 ভক্তৰ সমাগমেৰ উদুলি-মুদুলি হাতীখলা পথাৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশন আজিৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে । হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰ । লক্ষ লক্ষ ভক্তৰ সমাগমেৰ উদুলি-মুদুলি হাতীখলা পথাৰ । অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আসন স্থাপন কৰা হৈছে। অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ লগতে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিৰ উপৰি বিশাল আকাৰৰ শৰাই নিৰ্মাণ কৰা হৈছে । আজি পুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশনৰ মূল নামঘৰৰ দ্বাৰ উন্মোচন কৰা হয়। আয়তী সকলৰ নাম-প্ৰসংগৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ আজি  শুভাৰম্ভ কৰা হয়। অধিৱেশনত ১১১টা শিবিৰত ২৭,৭৫০গৰাকী ভকত-বৈষ্ণৱ, আয়-মাতৃৰ থকাৰ ব্যৱস্থা কৰা হৈছে । লগতে অধিৱেশনস্থলীতে ১০ হাজাৰ সেৱক-সেৱিকাৰ বাবে সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে এটা বৃহৎ আকাৰৰ বিশেষ শিবিৰ । আনহাতে, অধিবেশনত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে ওচৰৰ স্কুল, কলেজ আৰু সংঘৰ ২২ টা ঘৰ সাজু কৰি ৰখা হৈছে । শিবিৰত থকা প্ৰায় ৫০ হাজাৰ ভকত, বৈষ্ণৱ, বাপ, বান্ধৱ, আই মাতৃক শুশ্ৰুষা কৰাৰ বাবে সেৱক-সেৱিকাক সাজু কৰি ৰখা হৈছে । ইতিমধ্যে দূৰ-দূৰণিৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হৈছে অধিৱেশনস্থলীত । ধৰ্মপ্ৰাণ লোকসকলে অস্থায়ী নামঘৰত নাম-কীৰ্ত্তন কৰি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে । ইতিমধ্যে অধিৱেশনস্থলীত ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সেৱক-সেৱিকাসকল উপস্থিত হ’বলৈ আৰম্ভ কৰিছে ।

সংঘৰ মুঠ ৫৪ খন জিলাৰ পৰা এই সেৱক-সেৱিকাসকলৰ অধিকাংশ‍ই উপস্থিত হৈছে । উল্লেখযোগ্য যে শংকৰ সংঘৰ প্ৰতিখন অধিৱেশনতেই সেৱা বাহিনীৰ এক বিশাল দলে প্ৰতিটো দিশ চোৱাচিতা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । ইফালে, ৰঙিয়া অধিৱেশনৰ অন‍্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰতিকী চক্ৰবেহু । অধিৱেশনস্থলীৰ কাষতে থকা বাণিজ‍্য মেলাৰ মাজতে নিৰ্মাণ কৰা হৈছে এই বিশেষ চক্ৰবেহু । বাঁহ-বেতেৰে বনোৱা চক্ৰবেহুৱে ভকতসকলক এতিয়াৰ পৰাই আকৰ্ষণ কৰিছে । এই চক্ৰবেহুৰ ভিতৰত প্ৰৱেশ কৰা লোকসকলে কমেও বিশ মিনিট সময় বাট হেৰুৱাবলগীয়া হৈছে । দেখাত অতি সাধাৰণ বেহুটো ইমানেই নিপুণভাৱে সজোৱা হৈছে যে ভিতৰত সোমোৱা লোকসকলে বহু দেৰিলৈ বাট বিচাৰি থাকিবলৈ বাধ্য হৈছে । বহু লোকে বেহুৰ বাহিৰতেই ৰৈ প্ৰত‍্যক্ষ কৰিছে কেনেদৰে বেহু ভেদ কৰিব পাৰি । অধিৱেশনৰ দিনকেইটাত চক্ৰবেহুৱে ভক্তিপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিব বুলি নিশ্চিতভাৱে ক’ব পৰা যায় ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like