নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনষ্টাগ্রামত হার্দিকক আনফ’ল’ ৰোহিত শর্মাৰ

🔹 আইপিএলৰ পূর্বে সংঘাত তীব্রতৰ

বিশেষ বাৰ্তা, ৯ ফেব্রুৱাৰী : ক্রমাৎ তীব্রতৰ হৈছে ৰোহিত শর্মা আৰু হার্দিক পাণ্ডিয়াৰ সংঘাত৷ টীম ইণ্ডিয়াৰ এই দুইগৰাকী হেভীৱেইট ক্রিকেটাৰৰ সংঘাত সন্দর্ভত এক নতুন বিষয় চর্চালৈ আহিছে৷ ইনষ্টাগ্রামত মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হার্দিক পাণ্ডিয়াক আনফ’ল’ কৰিলে দলটোৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাই৷ বিগত কেইমাহমানৰ পৰা দুয়োগৰাকী ক্রিকেটাৰে ইনষ্টাগ্রামত ইজনে সিজনক আনফ’ল’ কৰিছে৷ ইনষ্টাগ্রামত ৰোহিত আৰু হার্দিকে ইজনে সিজনক আনফ’ল’ কৰা বিষয়টোৱে আইপিএলৰ পূর্বে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত বিতর্কৰ সৃষ্টি কৰিছে৷ মন কৰিবলগীয়া যে চলিত বর্ষৰ আইপিএললৈ কেইমাহমান বাকী থকা অৱস্থাত ৰোহিত শর্মাক আঁতৰাই হার্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছিল ফ্রেনছাইজীটোৱে৷ ফ্রেনছাইজীটোৰ উক্ত সিদ্ধান্তৰ পিছৰে পৰা মুম্বাই শিবিৰৰ ভিতৰত ইটোৰ পিছত সিটো অশান্তিৰ সৃষ্টি হৈছে৷ কিয় ৰোহিতৰ স্থানত আকস্মিকভাৱে হার্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ল, সেই সন্দর্ভত দলটোৰ মুখ্য প্রশিক্ষক মার্ক বাউচাৰে কেইদিনমান পূর্বে বিষয়টো সন্দর্ভত স্পষ্টীকৰণ দাঙি ধৰিছিল৷ দলটোৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্রহণ কৰা বুলি উল্লেখ কৰি মুখ্য প্রশিক্ষক বাউচাৰে লগতে কয় যে বেটাৰ হিচাপে ৰোহিতৰ পৰা শ্রেষ্ঠখিনি উলিয়াই আনিবলৈ বিচৰা হৈছে৷ ৰোহিতে নিজৰ বেটিং উপভোগ কৰক৷ অধিনায়কৰ দৰে দায়িত্বৰ পৰা আঁতৰাই ৰোহিতে যাতে শীতল মস্তিষ্কৰে বেটিং কৰিব পাৰে, তাৰ বাবেই হার্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ দলটোৰ ভৱিষ্যতলৈও চাব লাগিব বুলি উল্লেখ কৰি মুখ্য প্রশিক্ষকগৰাকীয়ে লগতে কয় যে বর্তমান সময়ত হার্দিকেই মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ বাবে উপযুক্ত৷

You might also like