🔹 নামঘোষা-কোৰান পাঠেৰে শংকৰ-আজান সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিকৰ লগতে যুৱপ্ৰজন্মৰ মানসিক আৰু বৌদ্ধিক বিকাশ লক্ষ্যৰে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা নামঘোষা আৰু কোৰান পাঠেৰে স্থাপন কৰে বৰপেটা জিলাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই। সোমবাৰে অনুষ্ঠিত নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন অনুষ্ঠানত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে বৃহত্তৰ কয়াকুছি অঞ্চল আৰু পূৰ্বৰ সৰুক্ষেত্ৰী আৰু বৰ্তমানৰ পাকা বেতবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, বুদ্ধিজীৱী, মুৰব্বীসহ কেইবাশ লোক উপস্থিত থাকে। উল্লেখ্য যে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ মুখ্য পৃষ্ঠপোষকতাত ২০১৬ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা।
প্ৰেৰক আফতাব হুছেইন