পুলকজ্যোতি বৰা, ঢকুৱাখনা, ৬মে’ : ঢকুৱাখনা-ৰ চাৰিকড়ীয়া নদীৰ আছে এক সুকীয়া সাতামপুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতেই তাহানিৰে পৰা ম’হঘুলি চাপৰিত উদযাপন কৰি অহা হৈছে ঢকুৱাখনাৰ স্বকীয় লোকউৎসৱ ফাটবিহু। এইবাৰো ঐতিহ্যৰ ভেটি চিকুণাই-অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়া নৈৰ পাৰ। ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে চাৰিকড়ীয়াৰ নৈৰ পাৰৰ ম’হঘুলি চাপৰিৰ সেউজ পৰিৱেশৰ মাজত ৯ মে’ৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ঢকুৱাখনাবাসীৰ আৱেগ, ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহু। ২০২৫ বৰ্ষৰ ফাটবিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিৱান ঢকুৱাখনীয়া ৰাইজৰ। পূৰ্ণগতিত যুদ্ধকালীন প্ৰস্তুতি চলিছে চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰিত। চূণ-তেল সানি ন-ৰূপত সজাই তোলা হৈছে ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰি। ২০২৫ বৰ্ষৰ ফাটবিহুত দুইৰ পৰা আঢ়ৈ লক্ষ বিহুপ্ৰেমীৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয়া ব্যৱস্থা সাজু কৰি তুলিছে উদযাপন সমিতিয়ে। লগতে দূৰণিৰ পৰা আহিব লগা আলহী-অতিথিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতিৰ সমান্তৰালকৈ ফাটবিহু সমিতি। প্ৰায় ২৫ লক্ষ বাজেট গ্ৰহণ কৰি অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰা বিহুখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ গঠন কৰা ১১খনকৈ শক্তিশালী উপ-সমিতিয়ে দিনে-নিশাই উজান দিছে নিজ নিজ কৰ্মত। ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক প্ৰশান্ত হাজৰিকা আৰু উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা, সম্পাদক হিতেশ ফুকনে ‘নিয়মীয়া বাৰ্তা’ক জনোৱা অনুসৰি ইতিমধ্যে ৭০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে অতিথি গৃহ, ভোজন গৃহ নিৰ্মাণৰ কাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক বিহুদলে এইবাৰ অংশগ্ৰহণ কৰিব ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুত। ইয়াৰ সমান্তৰালকৈ সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব কুৰিটাৰো অধিক বিহু দলৰ লগতে দেউৰী, সোণোৱাল কছাৰী আৰু মিচিং কৃষ্টি দলে। ইফালে, ডেৰ শতাধিক জাতীয় সাজপাৰ পৰিহিত স্বেচ্ছাসেৱকে নিয়ন্ত্ৰণ কৰিব আয়োজনৰ পৰিচালনা। তদুপৰি অন্তিম দিনা সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ প্ৰায়বোৰ জনগোষ্ঠীয় কৃষ্টি দলে অংশগ্ৰহণ কৰিব। দূৰ-দূৰণিৰ অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা, জলপান আৰু বিভিন্ন পৰম্পৰাগত খাদ্য। চালে চকুৰোৱা সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৯-১১মে’লৈ প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি। ম’হঘুলি চাপৰিৰ বিনন্দীয়া পৰিৱেশত বিহুত উতলা হ’বলৈ সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ। পৰম্পৰাৰ সকলো উজ্জ্বল্য সামৰি ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা নিখুঁত ৰূপত উপস্থাপনৰ বাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে সমিতিৰ বিষয়ববীয়াই। ইতিমধ্যে অসমীয়া সমাজ জীৱনত অনন্য আৰু সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ফাটবিহুক কেন্দ্ৰ কৰি এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ম’হঘুলি চাপৰিৰ বিহুৰ বাকৰিত। সর্বজনবিদিত ফাটবিহুত জাতীয় সাজপাৰ পৰিধান কৰাটো এক চিৰাচৰিত নিয়ম আৰু পৰম্পৰাত পৰিণত হৈছে যদিও অৱশ্যে জাতীয় সাজপাৰ পৰিধান নকৰাকৈ আগমন ঘটা বিহুপ্ৰেমীৰ বাবে ফাটবিহু সমিতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিহুপ্ৰেমীৰ সুবিধাৰ বাবে ফাটবিহুৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত এখন জাতীয় সাজপাৰৰ বিপণীৰ ব্যৱস্থা উপলব্ধ কৰি পৰিধানৰ বাবে বিপণীৰ কাষতে পুৰুষ-মহিলাৰ বাবে সুকীয়া কোঠাৰো ব্যৱস্থা কৰা হ’ব বুলি ফাটবিহু সমিতিয়ে জানিবলৈ দিয়ে। এই একবিংশ শতিকাৰ চকু চাট মৰা জাকজমকতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ বিহুপ্ৰেমীক আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।