নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম দিৱস পালন এবছুৰ

🔹 বডোফালৈ ভাৰত ৰত্ন প্ৰদানৰ বাবে ভাৰত চৰকাৰক আহ্বান দ্বীপেন বড়োৰ

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : কোকৰাঝাৰ জিলাৰ দোতমাস্থ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰ থুলুংগাপুৰীত দিনজোৰা কাৰ্যসূচীৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম দিৱসটোক ছাত্ৰ দিৱস হিচাপে পালন কৰে। আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, পুৱা এবছুৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বিপেন বড়োৱে । ইয়াৰ পিছত বেলুন উৰুওৱা, শান্তিৰ পাৰ উৰুওৱা আদি অনুষ্ঠান অনুষ্ঠিত কৰে। তদুপৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি আৰু প্ৰতিমূৰ্তিত শাৰী পাতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বিপেন বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীকে ধৰি বহুতো নেতা-কৰ্মীয়ে । উক্ত অনুষ্ঠানতেই এখন মুকলি সভাও অনুষ্ঠিত হয়। মুকলি সভাখনত ৰাজনৈতিক মতাদৰ্শ ক্ষন্তেকৰ বাবে পাহৰি একেখন মঞ্চত ওচৰা-উচৰিকৈ বহিল মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিপিএফৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী । বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮সংখ্যক জন্মজয়ন্তীত দিয়া ভাষণত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ ভাৰত ৰত্ন প্ৰদানৰ বাবে ভাৰত চৰকাৰলৈ আহ্বান জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱে৷ আনহাতে, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰীয়েও বডোফাৰ কৰ্মৰাজিক সন্মান জনাই ভাৰত ৰত্ন প্ৰদানৰ বাবে শাসনৰ দায়িত্বত থকা চৰকাৰৰ প্ৰতিনিধিক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে৷ উল্লেখ্য যে বডোফাৰ ৬৮সংখ্যক জন্মজয়ন্তী অনুষ্ঠানৰ মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুম্বাইৰ জ্যেষ্ঠ জাৰ্নেলিষ্ট সমাজকৰ্মী ৰূপা চিনাইৰ লগতে প্ৰাক্তন বিধায়ক পৰমেশ্বৰ ব্ৰহ্মৰ উপৰি বিটিচিৰ কাৰ্যবাহী পাৰিষদসকল ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like