নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ সংবাদ কৰ্মীলৈ এবিভিপিৰ ৰঙালী বিহুৰ ওলগ

বিশেষ বাৰ্তা, ৬ এপ্ৰিল : সন্মুখত অসমীয়া নৱবৰ্ষ আৰু হেঁপাহৰ ৰঙালী বিহু। সকলো ব্যস্ত ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিত। তাঁতশালত বিহুৱান বোৱাত বোৱনীৰ ব্যস্ততাৰ পৰা পথাৰৰ বৰআঁহতৰ তলত ঢুলীয়াৰ ঢোলৰ  ছেৱত নাচনীৰ বিহুৰ আখৰালৈ- সকলোতে এতিয়া কেৱল ব’হাগক আদৰাৰ প্ৰস্তুতি। এনে এক সময়তে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত অসমৰ সংবাদ জগতৰ লগত জড়িত ব্যক্তিসকলক বিহুৰ শুভকামনা জনোৱা হয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাজ্যিক সম্পাদক হেৰল্ড মহনৰ উপস্থিতিত বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়লৈ গৈ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ৰঙালী বিহুৰ শুভকামনা আৰু ওলগ জনায়। এই উপলক্ষে গুৱাহাটীস্থিত ‘নিয়মীয়া বাৰ্তা’ কাকতৰ মুখ্য কাৰ্যালয়ত সংবাদ পত্ৰখনৰ সম্পাদক নৰেশ কলিতাকে আদি কৰি সংবাদ পত্ৰখনৰ সমূহ কৰ্মীলৈ বিহু উপলক্ষে ওলগ জনোৱাৰ লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

You might also like