নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৰাজনীতিৰ পৰা কার্যতঃ উৎখাত আজমলৰ এআইইউডিএফ

🎯তৃতীয়বাৰৰ বাবে লোকসভা নির্বাচনত পৰাজয় বিপিএফৰ

🎯১০ বছৰৰ পাছত লোকসভালৈ অগপৰ প্রতিনিধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ ২০০৬ চনৰ পৰা অসমৰ ৰাজনীতিত দপদপাই থকা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দল ৰাজ্যৰ ৰাজনীতিৰ পৰা কার্যতঃ উৎখাত হ’ল৷ আজি লোকসভা নির্বাচনৰ ফলাফলত সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰে এআইইউডিএফ৷ উল্লেখ্য যে ২০০৬ চনৰ বিধানসভা নির্বাচনৰ জৰিয়তে অসমৰ ৰাজনীতিত প্রৱেশ কৰা আজমলৰ এআইইউডিএফ দলে বিগত সময়ছোৱাত এক গুৰুত্বপূর্ণ শক্তিত পৰিণত হয়৷ ২০১১ চনত এআইইউডিএফ দল ৰাজ্যৰ প্রধান বিৰোধী শক্তি হিচাপে বিধানসভাৰ মজিয়াত আত্মপ্রকাশ কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি ২০০৯ চনৰ পৰা লোকসভাৰ মজিয়াতো এআইইউডিএফ দলে প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷ ২০০৯ চনত ধুবুৰীৰ পৰা আজমল লোকসভালৈ প্রথমবাৰৰ বাবে নির্বাচিত হয়৷ ২০১৪ চনত আজমল পুনৰ ধুবুৰীৰ পৰা লোকসভালৈ নির্বাচিত হোৱাৰ লগতে দলটোৱে বৰপেটা আৰু কৰিমগঞ্জৰ আসন দুখনতো জয়লাভ কৰে৷ ২০১৪ চনত অসমৰ পৰা কংগ্রেছ দলৰো তিনিজন সাংসদ নির্বাচিত হোৱাৰ পৰিপ্রেক্ষিতত এআইইউডিএফ আৰু কংগ্রেছ সমান শক্তিৰ দল হিচাপে পৰিণত হৈছিল৷ ২০১৯ চনৰ লোকসভা নির্বাচনত আজমল তৃতীয়বাৰৰ বাবে ধুবুৰীৰ আসনখনৰ পৰা নির্বাচিত হয়৷ এইবাৰ লোকসভা নির্বাচনত আজমলে পুনৰ ধুবুৰীৰ পৰা প্রতিদ্বন্দ্বিতা কৰাৰ লগতে দলটোৱে নগাঁও আৰু কৰিমগঞ্জতো প্রার্থিত্ব আগবঢ়ায়৷ পিছে ঘোষিত ফলাফলত দেখা গ’ল নগাঁও আৰু কৰিমগঞ্জৰ আসন দুখনত এআইইউডিএফ শোচনীয়ভাৱে বিধ্বস্ত হোৱাৰ লগতে ধুবুৰীতো আজমলে পৰাজয় স্বীকাৰ কৰে৷ কংগ্রেছ প্রার্থী ৰকিবুল হুছেইনৰ হাতত আজমল পৰাজিত হ’ল৷ ফলত সুদীর্ঘ ১৫ বছৰ পাছত লোকসভাৰ মজিয়াত এআইইউডিএফৰ আসনৰ সংখ্যা শূন্য হৈ পৰে৷ ইয়াৰ লগে লগে অসমৰ ৰাজনীতিৰ পৰা আজমলৰ দল এআইইউডিএফ কার্যতঃ উৎখাত হৈ পৰে৷ দুবছৰ পাছত হ’বলগীয়া অসম বিধানসভাৰ নির্বাচনতো ইয়াৰ প্রভাৱ পৰাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ ইপিনে, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰো একেৰাহে তৃতীয়বাৰৰ বাবে লোকসভাত প্রতিনিধি শূন্য হৈ পৰে৷ ২০০৯ চনলৈ লোকসভাৰ মজিয়াত বিপিএফৰ প্রতিনিধি আছিল৷ কিন্তু ২০১৪ আৰু ২০১৯ চনৰ নির্বাচনত বিপিএফ দলে পৰাজয়বৰণ কৰে৷ তেতিয়াৰ পৰাই লোকসভাত বিপিএফৰ প্রতিনিধি শূন্য হৈ পৰে৷ এইবাৰ লোকসভা নির্বাচনত বিপিএফ দলে কোকৰাঝাৰ আৰু দৰং–ওদালগুৰি আসন দুখনত প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷ কিন্তু আজি ঘোষিত ফলাফলত বিপিএফে দুয়োখন আসনতে পৰাজয়বৰণ কৰে৷ ইয়াৰ লগে লগে একেৰাহে তৃতীয়বাৰৰ বাবে লোকসভা নির্বাচনত বিপিএফ দলে পৰাজয়ৰ সন্মুখীন হয়৷ ইফালে, সুদীর্ঘ ১০ বছৰ পাছত লোকসভাৰ মজিয়াত প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলে অসম গণ পৰিষদে৷ ২০০৯ চনৰ লোকসভা নির্বাচনত তেতিয়াৰ তেজপুৰৰ আসনখনৰ পৰা অগপৰ যোছেফ তপ্প’ নির্বাচিত হৈছিল৷ কিন্তু ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নির্বাচনত অগপৰ কোনো এজন প্রতিনিধিয়ে জয়লাভ কৰিব নোৱাৰিলে৷ এইবাৰ লোকসভা নির্বাচনত বিজেপি মিত্রজোঁটৰ প্রার্থী হিচাপে অগপই বৰপেটা আৰু ধুবুৰীৰ আসন দুখনত প্রতিদ্বন্দ্বিতা কৰে৷ নির্বাচনী ফলাফলত বৰপেটাৰ আসনখনত অগপৰ ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰে৷ ইয়াৰ বিপৰীতে ধুবুৰীৰ আসনখনত অগপৰ জাবেদ ইছলামে পৰাজয়ৰ সন্মুখীন হয়৷

You might also like