নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়াত গড়কাপ্টানী পথ মেৰামতিৰ দাবীত এজেৱাইচিপিৰ অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : ১৯৮৯ চনতে জিলা হিচাপে ঘোষণা হোৱা মৰিগাঁও জিলাৰ বাট-পথৰ আজিও উন্নয়ন নহ’ল ৷ বিশেষকৈ জিলাখনৰ মৰিগাঁও আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী শ্বহীদৰ অঞ্চল হিচাপে পৰিচিত বাৰপূজীয়া অঞ্চলৰ বাট-পথে বছৰ বছৰ ধৰি সৰ্বসাধাৰণ জনতাক জীয়াতু ভোগাই আহিছে ৷ এই ক্ষেত্ৰত শীঘ্ৰে বাৰপূজীয়া অঞ্চলৰ গুৰুত্বপূৰ্ণ পথসমূহ মেৰামতি কৰাৰ দাবীত আজি বাৰপূজীয়া তিনিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাৰপূজীয়া আঞ্চলিক সমিতিয়ে বিশেষকৈ মৰিগাঁও-নগাঁও জিলা সংযোগী গড়কাপ্টানী মূল পথটি মেৰামতি কৰা, বাৰপূজীয়া গাঁও অঞ্চলৰ গড়কাপ্টানী পথসমূহ মেৰামতি কৰা আৰু বাৰপূজীয়া অঞ্চলত আধাৰশিলা স্থাপন কৰি কাম আধৰুৱা কৰি ৰখা পথসমূহ পুনৰ নিৰ্মাণ কৰাৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে বাৰপূজীয়া আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃণাল দাস আৰু সম্পাদক আকাশ চন্দ্ৰ দাসৰ নেতৃত্বত অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলম, যুটীয়া সম্পাদক পিংকু মহন্তৰ লগতে বাৰপূজীয়া আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

প্ৰেৰক মানস নাথ

You might also like