🔹 ৰূপালী জয়ন্তী সমাৰোহৰ দ্বিতীয় কাৰ্যসূচীৰ আলোচনা সত্ৰ সন্দৰ্ভত আলোচনা
বিশেষ বাৰ্তা, ১২ জানুৱাৰী : অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি মৃণালিনী দেৱীৰ নেতৃত্বত এটি সঁজাতী দলে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগত আজি অখিল ভাৰতীয় সাহিত্য পৰিষদৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহৰ দ্বিতীয় কাৰ্যসূচী হিচাপে অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্ৰৰ বিষয়ে আলোচনা কৰা হয়। প্ৰাগজ্যোতিষৰ ইতিহাসত শোণিতপুৰ-তেজপুৰ (পৌৰাণিক কালৰ পৰা বৰ্তমানলৈ ইতিহাসৰ দৃষ্টিৰে) শীৰ্ষক আলোচনা সত্ৰ আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ আজীৱন সদস্যৰ সন্মিলন সম্পৰ্কে আলোচনা কৰা হয়। আলোচনাৰ সময়ত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ মুখ্য উপদেষ্টা ধীৰেন শৰ্মা, সচিবপ্ৰধান প্ৰণতি তালুকদাৰ মুদিয়া, ৰমেন ভৰালী, দিলীপ শৰ্মা, বশিষ্ঠ কলিতা, ড০ অনন্ত কুমাৰ নাথ, ড০ চাৰু চহৰীয়া নাথ আদি উপস্থিত আছিল।