নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাছিকৰ কালৰাম মন্দিৰত স্বচ্ছতা অভিযান প্রধানমন্ত্রী মোদীৰ

🔹 অযোধ্যাৰ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ পূর্বে মন্দিৰসমূহ চাফা কৰিবলৈ আহ্বান মোদীৰ

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : অযোধ্যাত বহু প্রতীক্ষিত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পূর্বে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নাছিকত কালৰাম মন্দিৰত ঝাড়ু মাৰি মন্দিৰ চৌহদত স্বচ্ছতা অভিযান চলালে ৷ মহাৰাষ্ট্রৰ নাছিকত কালৰাম মন্দিৰত প্রধানমন্ত্রী মোদীয়ে স্বচ্ছতা অভিযানত অংশগ্রহণ কৰাৰ উপৰি মন্দিৰত পূজা–অর্চনা কৰিলে৷ ভগৱান ৰামক প্রার্থনা জনালে৷ তদুপৰি সন্ত একনাথে ৰচনা কৰা মাৰাঠী ভাষাৰ ‘ভাবার্থ ৰামায়ণ’ৰ কেইবাটাও শ্লোক শুনিলে প্রধানমন্ত্রীগৰাকীয়ে৷ মন্দিৰ চৌহদত চাফাই অভিযান চলাই প্রধানমন্ত্রী মোদীয়ে দেশবাসীক অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পূর্বে মন্দিৰসমূহ চাফা কৰিবলৈ আহ্বান জনায়৷ এক বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়– ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠা উপলক্ষে মই দেশবাসীক আহ্বান জনাইছোঁ- দেশৰ সকলো মন্দিৰ আৰু ধর্মীয় পীঠস্থানত চাফাই অভিযান চলাওক৷ উল্লেখ্য যে মোগলে ধ্বংস কৰাৰ পাছত মহাৰাষ্ট্রৰ নাছিকত বর্তমানৰ এই মন্দিৰটো ১৭০০ খ্রীষ্টাব্দত স্থাপন কৰা হৈছিল৷ ধর্মীয় বিশ্বাস মতে, ভগৱান ৰামে মাত্র ১.৫ মিনিটত ১৪ হাজাৰ অসুৰক হত্যা কৰিছিল৷ সেই কাৰণেই এই মন্দিৰটোৰ নাম কালৰাম হিচাপে জনা যায়৷ অসুৰৰ কাৰণে কাল বাবেই মন্দিৰটোৰ নাম কালৰাম হিচাপে চর্চিত হৈ আছে বুলিও কোৱা হয়৷ আনহাতে, অহা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠা অনুষ্ঠানত অংশগ্রহণৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে আজিৰে পৰা ১১ দিনীয়া বিশেষ অনুষ্ঠানত অংশ ল’ব বুলি ঘোষণা কৰিছে৷ এক অডিঅ’ বার্তাত প্রধানমন্ত্রী মোদীয়ে ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ ঐতিহাসিক আৰু শুভ অনুষ্ঠানত অংশ ল’ব পৰাটো আশীর্বাদ বুলি মন্তব্য কৰিছে৷

You might also like