নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনদাবীৰ সমান্তৰালকৈ উজনিত নতুন সদস্যভৰ্তি অভিযান আলফা (স্বা)ৰ

🔹 তিনিজনক আটক আৰক্ষীৰ
বিশেষ বাৰ্তা, ১ আগষ্ট : দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ ৰাজ্যত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা যুৱপ্ৰজন্মক সংগঠনত যোগদান কৰোৱাবৰ বাবে আৰম্ভ কৰিছে অভিযান । সেই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে আলফা (স্বা)ৰ লিংকমেন যোৰহাটৰ জুমন বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে বহুতো তথ্য লাভ কৰা বুলি সদৰী কৰে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে সদৰী কৰা অনুসৰি, জুমন বৰাক আটক কৰাৰ পাছতে মামৰণীত যি বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হৈছিল, সেয়া আৰক্ষীৰ কাৰণে বৃহৎ সফলতা ৷ সেই বিস্ফোৰকৰ জৰিয়তে সাতটাকৈ স্থানত বিভিন্ন কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ যিটো পৰিকল্পনা আৰক্ষীয়ে ইতিমধ্যে ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ সমান্তৰালভাৱে শশাংক ৰাজখোৱা আৰু দুটা বছৰৰ পূৰ্বে আত্মসমৰ্পণ কৰা পেঙেৰীৰ সুৰজিত গগৈক তিনিচুকীয়া আৰক্ষী-সেনা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আলফা (স্বা)ৰ নেতা অভিজিত গগৈ ওৰফে আইছেং অসমৰ নিৰ্দেশত সুৰজিত গগৈয়ে তিনিচুকীয়া জিলাৰ ১৭গৰাকী যুৱকক আলফাত যোগদানৰ বাবে প্ৰস্তুতি চলাইছিল ৷ সুৰজিত গগৈক আটক কৰি জেৰা চলোৱাৰ পাছত ওলাইছে এইসমূহ তথ্য ৷ নতুনকৈ আলফালৈ যাবলৈ সাজু হোৱা তিনিচুকীয়া, শদিয়া, পেঙেৰী, বৰডুমছা অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭গৰাকী যুৱকৰ নাম তালিকা লাভ কৰিছে সেনা-আৰক্ষীয়ে৷ ইতিমধ্যে, আৰক্ষীয়ে ফোন ৰেকৰ্ডিং, সামাজিক মাধ্যমৰ বিৱৰণৰ লগতে যোগাযোগ কৰা সম্পূৰ্ণ তালিকা লাভ কৰিছে আৰক্ষীয়ে ৷ এইক্ষেত্ৰত বহিঃৰাজ্যত কাম কৰি ঘৰলৈ ওভতা, প্ৰাক্তন আলফা (স্বা) সদস্যৰ লগতে বিভিন্নজনৰ স’তে সংগঠনৰ পৰা আইচেং অসমে যোগাযোগ কৰিছিল । আৰক্ষীৰ তৎপৰতাৰ বাবেই বহুজন যুৱকে সংগঠনলৈ যাত্ৰা কৰাটো ৰোধ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰেৰক বিবেক বড়া
You might also like