নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ

🔹 বজালীত ‘মোৰ মাটি, মোৰ দেশ’ শীৰ্ষক আলোচনা অনুষ্ঠিত

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : আমাৰ দেশ ভাৰতবৰ্ষই ২০২২ চনৰ ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল৷ তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰি তেওঁ এক মহৎ স্বপ্ন দাঙি ধৰিছিল৷ অমৃত কালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ অকুণ্ঠ প্ৰেৰণাত অসমত ২০ ছেপ্তেম্বৰ অৰ্থাত কাইলৈৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হ’ব৷ এই যাত্ৰাৰ বিভিন্ন দিশ আলোচনা কৰিবলৈ আজি দিনৰ ১১ বজাত বজালী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ সভা অনুষ্ঠিত হয়৷ বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত মৃদুল কুমাৰ দাসৰ সঞ্চালনাত ‘মোৰ মাটি, মোৰ দেশ’ কাৰ্যসূচীৰ অংশবিশেষ ‘অমৃত কলহ যাত্ৰা’ সন্দৰ্ভত অনুষ্ঠিত সভাত মহকুমাধিপতি কাৰ্যালয় তথা বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বজালীৰ বিভিন্ন সভা-সমিতিৰ বিষয়ববীয়া, দল-সংগঠনৰ প্ৰতিনিধি, বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী বিশিষ্ট ব্যক্তি আৰু সংবাদ কৰ্মীসকল উপস্থিত থাকে। অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়, ৰাষ্ট্ৰপতিৰ পৰা কৃতী শিক্ষক বঁটা লাভ কৰা পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতা, বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মা আদি উপস্থিত থকা অনুষ্ঠানত এই অভিযানৰ বিভিন্ন দিশ আলোচনা কৰাৰ উপৰি কাইলৈৰ পৰা ১ অক্টোবৰলৈ প্ৰতিখন গাঁও অথবা নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতিঘৰৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহৰ অভিযান সম্পন্ন কৰা হব বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ব্যক্ত কৰে৷ তেওঁ কয় যে এই অভিযানৰ কালত প্ৰতিঘৰৰ পৰা অন্ততঃ এমুঠি মাটি নাইবা চাউল সংগ্ৰহেৰে অমৃত কলহ যাত্ৰা শুভাৰম্ভণি কৰি ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ দুই-তিনি শতাধিক ব্যক্তিয়ে শোভাযাত্ৰা কৰি দিনৰ ১১ বজাত গাঁও পঞ্চায়ত-পৌৰ কাৰ্যালয়ত উপস্থিত হ’ব। এটি গাম্ভীয্যপূৰ্ণ কাৰ্যসূচীৰে সমূহ গাওঁ-ৱাৰ্ডৰ মাটি মিশ্ৰণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ’ব। গাঁৱৰ পৰা লৈ অহা অৱশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মানসহকাৰে ৰাখি থোৱা হ’ব। এই অনুষ্ঠানতে দেশৰ বাবে অতুলনীয় সেৱা আগবঢ়োৱা অঞ্চলটোৰ মুক্তিযুঁজাৰু, সেনা বিষয়া, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বিষয়া, জোৱান, বীৰাংগনা নাৰী তথা অসম আৰক্ষী বিষয়া-জোৱানক সাদৰ সম্বৰ্ধনা জনোৱা হ’ব। আনহাতে, ৮ আৰু ১৫ অক্টোবৰ যিকোনো এটা দিনত জিলাভেদে অমৃত কলহ প্ৰতিখন গাওঁ পঞ্চায়ত, ৱাৰ্ডৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ ২০০-৩০০ ব্যক্তিৰ দ্বাৰা শোভাযাত্ৰা কৰি মৰ্যাদা সহকাৰে প্ৰেৰণ কৰা হ’ব। অৱশিষ্ট মাটিখিনি ব্লক পৰ্যায়ৰ উন্নয়নমূলক কাম-কাজত ব্যৱহাৰৰ বাবে শ্ৰদ্ধা সহকাৰে ৰাখি থোৱা হ’ব। এই উপলক্ষে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অভিভাৱক মন্ত্ৰী-বিধায়ক, সমাজসেৱী, শিক্ষাবিদ আদিৰ অংশগ্ৰহণেৰে গাম্ভীয্যপূৰ্ণভাৱে এক সভা অনুষ্ঠিত কৰা হ’ব। চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি কোনো কোনো জিলাত ৮ অক্টোবৰত আৰু অৱশিষ্ট জিলাসমূহত ১৫ অক্টোবৰত এই অনুষ্ঠান সম্পন্ন কৰা হ’ব। ২৫ অক্টোবৰত উন্নয়ন খণ্ড, পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পৱিত্ৰ মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব। জিলা আয়ুক্তৰ দ্বাৰা নিৰ্বাচিত এগৰাকী যুৱক অথৱা যুৱতীৰ দ্বাৰা এখন গাড়ীৰে অমৃত কলহ যাত্ৰা আৰম্ভ হ’ব। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অমৃত কলহ যাত্ৰাৰ গাম্ভীয্যপূৰ্ণভাৱে ফ্লেগ অফ কৰা হ’ব। ২৭ অক্টোবৰত ৰাজধানী এক্সপ্ৰেছৰ নিৰ্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড, পৌৰ এলেকাৰ পৰা সংগৃহীত ২৭০টা কলহ লৈ নিৰ্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীত উপস্থিত হ’ব। এনেদৰে কেইবাটাও কাৰ্য হাতত লৈ অসমৰ পৰা যোৱা যুৱক-যুৱতীসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অসম হাউচৰ পৰা অমৃত বাটিকা বা অমৃত উদ্যানলৈ শ্ৰদ্ধা সহকাৰে অমৃত কলহ যাত্ৰা সম্পন্ন কৰিব বুলি সভাত বিস্তাৰিতভাৱে বৰ্ণনা কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like