বিশেষ বাৰ্তা, ২ মে’ : প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ পৰহি অখিল গগৈয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই নতুনকৈ ক্রয় কৰা গাড়ীখন ক’ৰ পৰা লাভ কৰা ধনেৰে ক্রয় কৰিছে বুলি প্রশ্ণ উত্থাপন কৰিছিল৷ অখিল গগৈৰ সেই মন্তব্য সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কালি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈক ‘পাগল হৈছে’ বুলি অভিহিত কৰে৷ ভূপেন বৰাই কয় যে তেওঁ যোৱা ৫–৬ বছৰ ধৰি গাড়ীয়ে কিনা নাই৷ এই কাৰণেই কিনা নাই, অহা বছৰ তেওঁ চৰকাৰী গাড়ী চলাব৷ অখিল গগৈক আৰু কটাক্ষ কৰি ভূপেন বৰাই কয় যে শিল ভাঙিবলৈ যেনেদৰে ষ্টনক্রেছাৰ আছে, সেইদৰে এতিয়া ভোট ভাঙিবলৈ ভোটক্রেছাৰ ওলাইছে৷ কংগ্রেছৰ ভোট ভাঙি বিজেপিৰ ৰাস্তা বনাবলৈ ভোটক্রেছাৰ লৈ কিছুমান মানুহে ঘূৰি ফুৰিছে৷ অখিল গগৈক আধা দোস্তি, আধা দুস্মনি আখ্যা দি ভূপেন বৰাই আৰু কয় যে আধা দোস্তি, আধা দুস্মনি নচলিব৷ দোস্তি হ’লেও খাঁটি দোস্তি আৰু দুস্মনি হ’লেও খাঁটি দুস্মনি হ’ব লাগে৷ ইপিনে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয় যে ভূপেন বৰাই খুব দিবাস্বপ্ণ দেখে৷ অনবৰতে তেওঁ মুখ্যমন্ত্রী হোৱাৰ স্বপ্ণ দেখি থাকে৷ আমি বিধায়ক হ’ব খোজো ৰাইজৰ বাবে৷ ভূপেন বৰাই বিধায়ক, মুখ্যমন্ত্রী হ’ব খোজে নতুন গাড়ীৰ বাবে৷ তাৰ বাবেই ভূপেন বৰাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত হাত মিলাই ৰাইজৰ দলৰ বিৰুদ্ধে ক’ব ধৰিছে৷ সাহস আছে যদি ভূপেন বৰাই মুখ্যমন্ত্রীৰ বিৰুদ্ধে কওক৷ ইপিনে, ভূপেন বৰা আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ দেখি বিৰোধী ঐক্য গঠনক লৈ কার্যতঃ হতাশ হৈ পৰিছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই৷ কালি সংবাদ মাধ্যমৰ আগত ড০ গোহাঁয়ে কয় যে বিৰোধী ঐক্য সহজে হ’ব বুলি আমি ভবা নাই৷ ঐক্য বিনষ্ট কৰাৰ বাবে চৰকাৰ আৰু বিজেপি দলে চেষ্টা কৰি আছে৷ বিৰোধী দলসমূহে বিজেপিক উৎখাত কৰাৰ বাবে ঐক্যবদ্ধ হোৱা উচিত৷