নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

🔹 অধিৱেশনত প্ৰায় ২৩খন বিল বিধানসভাত উত্থাপন কৰা হ’ব- মন্ত্ৰী পীয়ূষ হাজৰিকা

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন কাইলৈৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । প্ৰথমবাৰৰ বাবে নৱনিৰ্মিত অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব এই অধিৱেশন। আজি অধিৱেশন সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই। সম্পূৰ্ণ নতুন সা-সুবিধাৰে নৱনিৰ্মিত ভৱনত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনখন সুচাৰুৰূপে পৰিচালিত হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। তদুপৰি মন্ত্ৰী হাজৰিকাই কয়- আগন্তুক অধিৱেশনত প্ৰায় ২৩খন বিল বিধানসভাত উত্থাপন কৰা হ’ব। নিয়াৰিকৈ যাতে অধিৱেশনখন সম্পন্ন হয়, তাৰ বাবে সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে বিৰোধী পক্ষৰ পৰা সহযোগিতা বিচাৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ তৰফৰ পৰা বিৰোধী পক্ষক পূৰ্বৰ দৰেই সময় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। পঞ্চায়তীৰাজ সংশোধন বিল, কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈকে ৰূপান্তৰ কৰাকে ধৰি অন্যান্য বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিল অধিৱেশনত উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দুদিনৰ ভিতৰত এই বিলসমূহ গৃহীত কৰাৰ বাবে সময় লোৱাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই।

You might also like