নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত চৰকাৰী মাদ্রাছা শিক্ষাৰ বিলুপ্তি

বিধানসভাত ‘দ্য আছাম ৰিপিলিং বিল–২০২০’ গৃহীত

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ  ব্রিটিছৰ আমোলৰ পৰা দীর্ঘসময় ধৰি ৰাজ্যত প্রচলিত হৈ অহা চৰকাৰী খৰচত ধর্মীয় শিক্ষাদানৰ অৱসান ঘটিল৷ অসম বিধানসভাৰ তিনিদিনীয়া শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা সদনত গৃহীত হয় ‘দ্য আছাম মাদ্রাছা এডুকেচন (প্রভিন্সিয়েলাইজেচন) এক্ট–১৯৯৫’ আৰু ‘দ্য আছাম মাদ্রাছা এডুকেচন (প্রভিন্সিয়েলাইজেচন) অৱ ছার্ভিচেছ অৱ এমপ্লয়িজ এণ্ড ৰি–র্গেনাইজেচন অৱ মাদ্রাছা এডুকেচনেল ইনষ্টিটিউচন্ছ এক্ট–২০১৮’ বাতিলৰ উদ্দেশ্যে উত্থাপন কৰা ‘দ্য আছাম ৰিপিলিং বিল–২০২০’৷ ইয়াৰ লগে লগে অসমত চৰকাৰী মাদ্রাছা শিক্ষা ব্যৱস্থাৰ বিলুপ্তি ঘটাটো নিশ্চিত হৈ পৰিল৷ ৰাজ্যত থকা ১৮৯খন হাইমাদ্রাছা–মাদ্রাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাৰিখন আৰবিক কলেজ, ১৪খন টাইটেল মাদ্রাছা, ১৮৩খন ছিনিয়ৰ মাদ্রাছা আৰু ২৩০খন প্রি–ছিনিয়ৰ মাদ্রাছাকে ধৰি মুঠ ৬২০খন শিক্ষানুষ্ঠান আগন্তুক ইংৰাজী নৱবর্ষৰ পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ হ’ব৷ সেইদৰে মাদ্রাছা ব’ড নোহোৱা হৈ যোৱাৰ লগে লগে আৰবিক কলেজ, টাইটেল মাদ্রাছা, ছিনিয়ৰ মাদ্রাছা আৰু প্রি–ছিনিয়ৰ মাদ্রাছাসমূহৰ সকলো প্রশাসনিক দিশ আহিব মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনলৈ৷ উল্লেখ্য যে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্রথম দিনাই যোৱা ২৮ ডিচেম্বৰত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনৰ মজিয়াত ‘দ্য আছাম ৰিপিলিং বিল–২০২০’ উত্থাপন কৰিছিল৷ আজি বিধানসভাৰ মজিয়াত বিধেয়কখনক লৈ হোৱা আলোচনাৰ অন্তত শিক্ষামন্ত্রী ড০ শর্মাই এক তত্ত্বগধুৰ আৰু যুক্তিপূর্ণ বক্তব্য আগবঢ়ায়৷ আৰম্ভণিতে তেওঁ শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে চৰকাৰে কোনো বিধেয়ক অনা নাই বুলি স্পষ্ট কৰি দি কয়– এই শিক্ষানুষ্ঠানসমূহৰ গৰিমা আৰু ধাৰাবাহিকতাৰ ওপৰত বিধেয়কখনৰ কোনো প্রভাৱ নাই৷ আজি ইয়াত কোনোবাই আৱেগিক হোৱাৰ কথা কৈছে৷ যদি এখন শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হয়, তেন্তে আৱেগিক হোৱাটো স্বাভাৱিক৷ ৱাৰেন হেষ্টিংছে সাধাৰণ শিক্ষাৰ সন্মিলিতকৰণেৰে মাদ্রাছা শিক্ষা আৰম্ভ কৰিছিল৷ কৌমীৰ পৰা হাইব্রিড, হাইব্রিডৰ পৰা সাধাৰণ শিক্ষা এটা প্রচেষ্টা আছিল৷ সেই প্রচেষ্টাটোকে আজি বহু বছৰ পাছত সার্থক কৰিবলৈ আমি ইয়াত থিয় হৈছোঁ৷ কৌমী শিক্ষা–যিটোক আমি হাফিজী মাদ্রাছা বুলি কওঁ, তাৰ ইতিহাস বহু বছৰ পুৰণি৷ এটা সময়ত ভাৰতবর্ষৰ বিদ্বান ব্যক্তিসকলে অনুভৱ কৰিছিল– অকল যদি কৌমী শিক্ষা ইছলামধর্মীসকলৰ মাজত দি থকা হয়, তেন্তে সেই সমাজখনৰ পৰা আই এ এছ বিষয়া–চিকিৎসক–ভ্ নোলাব৷

বিশেষকৈ কলকাতাত মাদ্রাছা আৰম্ভ হৈছিল৷ আমি ধর্মীয় শিক্ষা বুলি কোৱা কৌমীৰ লগত সাধাৰণ শিক্ষাক সন্মিলিতকৰণৰ এটা প্রচেষ্টা হৈছিল৷ আমি আজি যি মাদ্রাছা শিক্ষাৰ কথা আলোচনা কৰিছোঁ, সেই মাদ্রাছা শিক্ষা ব্যৱস্থাটো অসম আৰু বংগতহে আছে৷ বিধেয়কখনক লৈ হোৱা আলোচনাৰ সময়ত কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াই মাদ্রাছা শিক্ষাৰ আধুনিকীকৰণ সন্দর্ভত কৰা মন্তব্যত একমত প্রকাশ কৰে শিক্ষামন্ত্রী ড০ শর্মাই৷ হাফিজী মাদ্রাছাসমূহতো ব্যৱহাৰিক শিক্ষা প্রৱর্তনৰ পোষকতা কৰি তেওঁ পুনৰ কয় যে যিধৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশা– এফালে কোৰান আৰু আনফালে কলম, দ্বীন আৰু দুনিয়াৰ ওপৰত তেওঁৰ যি প্রচেষ্টা সেই প্রচেষ্টাক ক্রিয়ান্বিত কৰিবলৈ আমি চেষ্টা কৰিম৷ দ্বিতীয়টো কার্যকালৰ কংগ্রেছ চৰকাৰৰ সময়ত হাফিজী মাদ্রাছাসমূহত সর্বশিক্ষাৰ তৰফৰ পৰা গণিত, বিজ্ঞান, সমাজ বিজ্ঞানৰ শিক্ষক নিয়োগ কৰাৰ বাবে ব্যক্তিগতভাৱে চলোৱা প্রচেষ্টাৰ কথাও শিক্ষামন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ তেওঁ কয়– ২০০৮ চনত মই ব্যক্তিগতভাৱে তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে আলোচনা কৰি হাফিজী মাদ্রাছাসমূহত দুটা শৈক্ষিক দিশ সন্মিলিতকৰণৰ প্রচেষ্টা চলাইছিলোঁ৷ এফালে ধর্মীয় শিক্ষা হওক আৰু আনফালে সর্বশিক্ষা অভিযানৰ ফালৰ পৰা গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শিক্ষক নিয়োগৰ ব্যৱস্থা কৰিম৷ যাতে হাফিজী মাদ্রাছাত পঢ়া ছাত্র–ছাত্রীয়ে দ্বীন আৰু দুনিয়া অর্থাৎ ধর্ম আৰু জগত দুয়োটাৰে জ্ঞান লাভ কৰিব পাৰে৷ এইক্ষেত্রত সেই সময়ত সভাপতিৰ পদত থকা মৌলানা বদৰুদ্দিন আজমলৰ অল আছাম তন্জিম মাদ্রিছ কৌমীয়াই গ্রহণ কৰা বিপৰীত স্থিতিৰ বাবে বিষয়টো কার্যতঃ সিমানতে থমকিল বুলি তেওঁ উল্লেখ কৰে৷ শিক্ষামন্ত্রী ড০ শর্মাই কয়– এই প্রস্তাৱটো লৈ মই বদৰুদ্দিন আজমলৰ ওচৰলৈ গৈছিলোঁ, কাৰণ তেতিয়া তেওঁ অসমৰ ইছলামিক সংস্থা অল আছাম তন্জিম মাদ্রিছ কৌমীয়াৰ সভাপতি আছিল৷ ২০০৮ চনত মোৰ এই প্রস্তাৱ পোৱাৰ পাছত সেই বছৰৰ দুই জুলাইত বদৰুদ্দিন আজমলে এখন সভা অনুষ্ঠিত কৰিছিল৷ সেই সভাত গ্রহণ কৰা প্রস্তাৱ ৰেকর্ড কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আবু নাছেৰ ছৈয়দ আহমেদে৷ তেওঁ ‘মাদ্রাছা ইন আছাম’ নামৰ এখন গ্রন্থ ৰচনা কৰিছিল৷ সভাত সর্বশিক্ষাৰ শিক্ষক নিযুক্তিৰ বিৰোধিতা কৰি প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ আমি বিচাৰোঁ, হাফিজী মাদ্রাছাসমূহতো দিন আৰু দুনিয়া দুয়োটাৰে শিক্ষা হ’ব লাগে৷ নিজৰ বক্তব্যত শিক্ষামন্ত্রী ড০ শর্মাই পুনৰ কংগ্রেছ বিধায়িনী দলৰ দলপতি শইকীয়াৰ ভাষ্যৰ প্রসংগ টানি আনে৷ শিক্ষামন্ত্রী ড০ শর্মাই কয়– কেন্দ্রীয় মন্ত্রী মুক্তাৰ আব্বাছ নাকভিৰ কথা উল্লেখ কৰি শইকীয়াই যি মাদ্রাছাৰ বিষয়ে উত্থাপন কৰিছে, সেই মাদ্রাছা আমাৰ এই মাদ্রাছা নহয়৷ আমাৰ এই মাদ্রাছা কেৱল অসম আৰু বংগতহে দেখা পোৱা যায়৷ বাকী ৰাজ্যবিলাকত মাদ্রাছা কৌমীয়ে চলায়৷ কংগ্রেছৰ দিনতে নেচনেল মাদ্রাছা এডুকেচন ব’ড গঠনৰ প্রচেষ্টা চলোৱা হৈছিল৷ কিন্তু কৌমীয়ে আপত্তি কৰিলে৷ সেই মাদ্রাছাসমূহক একত্রিত কৰি এটা সংযুক্ত পৰীক্ষাৰ জৰিয়তে চলোৱাৰ প্রচেষ্টা কৰা হৈছিল কংগ্রেছৰ দিনতে৷ শিক্ষাৰ অধিকাৰ প্রৱর্তনৰ সময়ত মাদ্রাছা শিক্ষা ব্যৱস্থাটোক আধুনিকীকৰণৰ চেষ্টা কৰা হৈছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত কৈছিল– দ্বীন আপোনালোকে চলাওক আৰু দুনিয়া আমাক দিয়ক৷ কিছু কিছু মাদ্রাছাই এইক্ষেত্রত আগবাঢ়ি আহিছে, কিছুৱে অহা নাই৷ অর্থাৎ ইছলামৰ শিক্ষা– হাদিছ কোৰানৰ শিক্ষা আপোনালোকে দিয়ক৷ জ্ঞান–প্রজ্ঞাৰ ব্যৱহাৰিক শিক্ষাৰ দায়িত্ব আমাক দিয়ক৷ ভগৱানে যদি সুযোগ দিয়ে, অসমত হাফিজী মাদ্রাছাসমূহৰ পঞ্জীয়নৰ ক্ষেত্রত মোৰ প্রচেষ্টা থাকিব৷ মাদ্রাছা শিক্ষাৰ ওপৰত নিজৰ এটা দৃষ্টিভংগী থকাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে ইছলামিক লোকসকল শিক্ষা–দীক্ষাৰ ক্ষেত্রত ৰক্ষণশীল আছিল৷ মাদ্রাছালৈ এটা ঢ়াপ আহিলে পৰৱর্তী ঢ়াপত হয়তো তেওঁলোক আধুনিক শিক্ষালৈ আহিব৷ তাৰ পৰিপ্রেক্ষিততে আমি মাদ্রাছা শিক্ষাৰ পৃষ্ঠপোষকতাৰ লগতে মাদ্রাছা শিক্ষা সঞ্চালকালয়ো কৰিছিলোঁ৷ বিষয়টো সন্দর্ভত চৰকাৰৰ স্থিতি বিধানসভাৰ মজিয়াত স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্রী ড০ শর্মাই৷

বিধেয়কখনৰ বিৰোধিতা কৰা তথা সংশোধনী অনা বিৰোধীক উদ্দেশ্যি তেওঁৰ বক্তব্য আছিল এনেধৰণৰ– ইছলামৰ পৱিত্রতাক আমি কেতিয়াও অস্বীকাৰ নকৰোঁ৷ আমি ৰাজনীতিক অস্বীকাৰ কৰোঁ–মৌলবাদক অস্বীকাৰ কৰোঁ৷ কিন্তু আমি দর্শনক অস্বীকাৰ নকৰোঁ৷ বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্রতি সংখ্যালঘু সম্প্রদায়ৰ আস্থা বৃদ্ধি পোৱাৰ লগতে তেওঁলোক যথেষ্ট উপকৃত হৈছে বুলি তেওঁ দাবী কৰে৷ নিজ দাবীৰ সপক্ষে যুক্তি দাঙি ধৰি তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাৰি বছৰ আগলৈকে নগাঁও–মঙলদৈৰ পৰা কোনো মুছলিম ৰোগী অহা নাছিল৷ আজি যদি চায়, অকল ৭০ শতাংশ ৰোগীয়েই মুছলিম সমাজৰ৷ আমাৰ ওপৰত তেওঁলোকৰ আস্থা আছে, মোৰ ওপৰত ব্যক্তিগতভাৱে আস্থা আছে৷ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সর্বাধিক ৰোগী আহে ধিং–ৰূপহীহাটৰ পৰা৷ কাৰণ অটল অমৃত–আয়ুস্মান ভাৰতৰ পৰা যদি কোনোবা বেছি উপকৃত হৈছে, সেয়া সংখ্যালঘু সমাজখন৷ অৰুণোদয় আঁচনিয়ে যদি কাৰোবাক উপকৃত কৰিছে, সেয়াও সংখ্যালঘু সমাজখন৷ সেই কাৰণে মই ভাবোঁ এখন সমাজক বিকাশৰ দিশলৈ লৈ যোৱাৰ প্রচেষ্টাক আমি কেতিয়াও বিৰোধীৰ দৃষ্টিৰে চাব নালাগে৷ বিধেয়কখনৰ বিৰোধিতা কৰা বিৰোধীক প্রত্যুত্তৰ দি তেওঁ সংখ্যালঘু অধ্যুষিত এলেকাত ছোৱালীৰ কম বয়সত বিয়া হোৱা, অধিক সন্তান জন্ম দিয়াৰ দৰে গুৰুত্বপূর্ণ প্রসংগও টানি আনে৷ শিক্ষামন্ত্রী ড০ শর্মাই বিৰোধীক উদ্দেশ্যি কয় যে বিধানসভাত থকা কোনেও নিবিচাৰে ১৪ বছৰ বয়সত এজনী ছোৱালীৰ বিয়া হওক, ২০ বছৰত ৫টা সন্তানৰ মাতৃ হওক৷ আজি আমাৰ সদনত এনেকুৱা এগৰাকী সদস্য নাই, যিসকলৰ পৰিয়ালত ১০–১২টা সন্তান আছে৷ কিন্তু আপোনালোকে গৈ ক’ব নোৱাৰে সন্তান জন্ম দিয়াটো বন্ধ কৰক৷ কাৰণ আপোনালোকক ভোট লাগে৷ আমাক সেইখন সমাজৰ ভোট নালাগে৷ কাৰণ তাত আমাৰ স্বার্থ নিহিত নাই৷ যেতিয়া মই কংগ্রেছত আছিলোঁ, পদে পদে মোক সেইখন সমাজৰ ভোটৰ প্রয়োজন আছিল৷ আজি মোক তাৰ ভোট নালাগে৷ মই পক্ষপাতহীন কাৰণে আজি সংস্কাৰৰ কথা ক’ব পাৰিছোঁ৷ হয়, সমাজখনক সংস্কাৰ লাগে৷ কিন্তু আপোনালোকৰ স্বার্থ আছে, ভোট লাগিব৷ ইয়াৰ বিপৰীতে স্বার্থ নিহিত নাই বাবেই মই ইয়াত থিয় হৈ ক’ব পাৰিছোঁ– ২০ বছৰত কোনো ছোৱালীয়ে ৫টা সন্তানৰ মাতৃ হ’ব নালাগে৷ আবু নাছেৰ ছৈয়দ আহমেদে অসমৰ মাদ্রাছাসমূহত চলোৱা এক সমীক্ষাৰ তথ্যৰো তেওঁ উদ্ধৃতি দিয়ে৷ সেই অনুসৰি মাদ্রাছাত অধ্যয়ন কৰা শিক্ষার্থীসকলৰ মাজত যেতিয়া জৰীপ চলোৱা হৈছিল, তেতিয়া ৭১.৫ শতাংশই মাদ্রাছাৰ পৰিৱর্তে সাধাৰণ শিক্ষানুষ্ঠানৰ প্রতি আগ্রহ প্রকাশ কৰিছিল৷ সেইদৰে ভৱিষ্যৎ জীৱনৰ লক্ষ্য সন্দর্ভত প্রত্যেকেই শিক্ষক, চিকিৎসক, অভিযন্তা, চৰকাৰী বিষয়া আদি হোৱাৰ কথা ব্যক্ত কৰাৰ বিপৰীতে কোনেও ইমাম হোৱাৰ কথা কোৱা নাছিল৷ মাত্র ১১ শতাংশ ছাত্র–ছাত্রীয়েহে মাদ্রাছা শিক্ষা ব্যৱস্থাটো ভাল পোৱাৰ কথা কৈছিল৷ তদুপৰি শিক্ষকৰ উপস্থিতিত ৮৩ শতাংশ শিক্ষার্থীয়ে মাদ্রাছাৰ পৰিৱর্তে সাধাৰণ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব বিচাৰি মত আগবঢ়াইছিল৷

এই তথ্য উল্লেখ কৰি শিক্ষামন্ত্রী ড০ শর্মাই পুনৰ কয়– আমি এনে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিব বিচৰা নাই৷ অহা দুবছৰৰ ভিতৰত এই শিক্ষানুষ্ঠানসমূহত ছাত্র–ছাত্রীৰ সংখ্যা বাঢ়িব৷ এতিয়া ছাত্র–ছাত্রীৰ সংখ্যা যিমান দেখুওৱা হৈছে, তাতকৈ বহুত কমহে আছে৷ একমাত্র প্রাদেশিকীকৰণৰ বাবেহে ছাত্র–ছাত্রীৰ সংখ্যা অধিককৈ দেখুৱাইছিল৷ এতিয়া এই শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্রম সলনি হ’ব৷ ধর্মীয় বিষয় নোহোৱা হ’ব৷ তাৰ ঠাইত আহিব গণিত, বিজ্ঞান আদি৷ নতুন শিক্ষক আহিব৷ অৱশ্যে পুৰণাখিনিয়েও দৰমহা পাই থাকিব৷ ঘৃণা আৰু দ্বেষ লৈ এই বিধেয়কখন অনা হোৱা নাই বুলি মন্তব্য কৰি শিক্ষামন্ত্রী ড০ শর্মাৰ ঘোষণা– বৰঞ্চ এখন ৰক্ষণশীল সমাজ, পিছপৰা সমাজ, শোষিত সমাজক প্রগতিৰ দুৱাৰডলিলৈ লৈ যোৱাৰ অদ্ভুত আৰু দুর্বাৰ সপোনৰ সৈতে এই আঁচিনখন আজি আমি ইয়াত প্রস্তুত কৰিছোঁ৷ বিৰোধী শিবিৰৰ তৰফৰ পৰা উত্থাপন কৰাৰ দৰে ফাংচনেল আৰবী ভাষা শিকাৰ কোনো আপত্তি নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে আৰবী শিকা আমি বন্ধ কৰা নাই৷ ছেবাত ৫০,৬০০ ছাত্র–ছাত্রীয়ে আৰবী শিকি আছে৷ স্থিতাৱস্থাত থকাটো ইছলামিক সমাজখনৰ কাৰণে নহয়৷ স্থিতাৱস্থাৰ পৰা ওলাই অহাৰ সময় হৈছে৷ আপোনালোকৰ সমাজখনক যদি সংস্কাৰ লাগে, তেন্তে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৰে ব্যক্তিক দায়িত্ব দিয়ক৷ ইয়াত কোনো ৰাজনীতি নাই৷ এই বিধেয়কখন ইছলামিক সমাজখনৰ বাবে মোৰ উপহাৰ৷ একাংশ বিৰোধী বিধায়কে বিধেয়কখন ছিলেক্ট কমিটীলৈ প্রেৰণৰ দাবী তেওঁ নস্যাৎ কৰে৷ বিত্তমন্ত্রী ড০ শর্মাৰ পূর্বে বিধেয়কখনক সংশোধনী আনি ইয়াৰ সপক্ষে বক্তব্য আগবঢ়ায় বিধায়ক শ্বেৰমান আলী আহমেদ, কমলাক্ষ দে’ পুৰকায়স্থ, হাফিজ বছিৰ আহমেদ, নুৰুল হুদা, শুকুৰ আলী আহেমদে, ৱাজেদ আলী চৌধুৰী, হাফিজ ৰফিকুল ইছলাম আৰু দেৱব্রত শইকীয়াই৷ তদুপৰি অগপৰ দুই বিধায়ক বৃন্দাৱন গোস্বামী আৰু প্রদীপ হাজৰিকাই বিধেয়কখনৰ সপক্ষে নিজৰ মত দাঙি ধৰে৷ বিৰোধীয়ে বিধেয়কখন ছিলেক্ট কমিটীলৈ প্রেৰণৰ লগতে নিজৰ সংশোধনী সন্নিৱিষ্ট কৰা আৰু বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্রত কিছু সময় লোৱাৰ বাবে দাবী জনাইছিল৷ কিন্তু অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে ভোটৰ মাধ্যমেৰে বিধেয়ক গৃহীতকৰণ প্রক্রিয়া আগবঢ়াই নিব বিচৰাত অসন্তুষ্ট হৈ সংশোধনী প্রত্যাহাৰ নকৰা কংগ্রেছ আৰু এ আই ইউ ডি এফে সদন ত্যাগ কৰে৷ পাছত বিৰোধীৰ অনুপস্থিতিতে গৃহীত হয় চৰকাৰী খৰচত ধর্মীয় শিক্ষা বিলুপ্তিকৰণৰ ঐতিহাসিক এই বিধেয়কখন৷

You might also like