নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা উ: মা: বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : এটা সমৰ্পিত মন লৈ নিষ্ঠা, সততা আৰু নিয়মানুৱৰ্তিতাৰে জীৱন পৰিক্ৰমাৰ ৩৬টা বছৰ ছাত্র-ছাত্ৰীক জ্ঞানৰ আলোকেৰে আলোকিত কৰি অহাৰ দৰে মহৎ কৰ্মত নিয়োজিত হৈ অহা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে ২০২৪ বর্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰি ঢকুৱাখনা উপ-জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। চলিত বৰ্ষত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা কল্পনা গগৈ হৈছে লখিমপুৰ জিলাৰ একমাত্ৰ শিক্ষয়িত্ৰী ৷ অসম চৰকাৰে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আগবঢ়োৱাৰ আশাপ্ৰদ খবৰে উৎফুল্লিত কৰি তুলিছে ঢকুৱাখনাৰ বৌদ্ধিক আৰু শৈক্ষিক সমাজক। শিক্ষক দিৱসৰ দিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ “ৰংঘৰ” প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শিক্ষা বিভাগৰ কেন্দ্ৰীয় শিক্ষক দিৱসত ৰাজ্যিক ভিত্তিত এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিয়াৰিকৈ পালন কৰি অহা কল্পনা গগৈ এগৰাকী নিষ্ঠাৱান শিক্ষয়িত্ৰী হিচাপে সু-পৰিচিত। ১৯৮৮ চনত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি গগৈয়ে শিক্ষকতা জীৱনৰ আৰম্ভণি কৰে।সহকাৰী শিক্ষকৰ দায়িত্ব সততাৰে পালন কৰি অহাৰ পিছত ২০১৬ চনত বিদ্যালয়খনৰ অধ্যক্ষা পদৰ গুৰু দায়িত্ব বহন কৰি বিদ্যালয়খনৰ শৈক্ষিক মান অধিক উন্নত কৰাৰ ওপৰত ব্ৰতী হয়।ঢকুৱাখনা পৌৰসভাৰ অন্তর্গত কোঁৱৰগাঁও নিবাসী জ্যেষ্ঠ অধিবক্তা শোভন বৰুৱাৰ পত্নী গগৈয়ে বিদ্যায়তনিক শিক্ষা প্ৰদানৰ সমান্তৰালভাবে এগৰাকী সুদক্ষ প্ৰশাসনিক মুৰব্বী হিচাপে দায়িত্ব পালন কৰাৰ উপৰি ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ সভাপতিৰ পদো অলংকৃত কৰিছে। তদানীন্তন শিক্ষা বিভাগৰ উপদেষ্টা আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ অধ্যক্ষতা আৰু ৰমেশ চান্দ জৈনক সদস্য সচিব হিচাপে গঠিত দহজনীয়া High Level Committeeৰ এগৰাকী সন্মানীয় সদস্য হিচাপে সেৱা আগবঢ়াৱাৰ উপৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, মাধ্যমিক শিক্ষা পৰিষদ, অসম আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কৰ্মশালাত আমন্ত্ৰিত সদস্য হিচাপে অংশগ্ৰহণ কৰি আহিছে বঁটাপ্ৰাপক গগৈয়ে। ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰি নিজকে গৌৰৱবোধ কৰাৰ লগতে এই গৌৰৱ ঢকুৱাখনাবাসীৰ গৌৰৱ বুলি মন্তব্য কৰে কৃতী শিক্ষয়িত্ৰীগৰাকীয়ে। এগৰাকী সফল মাতৃ হিচাপেও নিজৰ দায়িত্ব-কৰ্তব্য নিষ্ঠাৰে পালন কৰি অহা শিক্ষাবিদগৰাকীক উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসম, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল, প্ৰেছ গীল্ড ঢকুৱাখনা, ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা, ঢকুৱাখনা সাহিত্য সভা, আদি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে কল্পনা গগৈৰ কৰ্মৰাজিক স্বীকৃতি প্ৰদানত সন্তুষ্টি ব্যক্ত কৰি শিক্ষয়িত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে। ইফালে, ৰাজ্য চৰকাৰে কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা প্ৰদান কৰা বাবে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগক ধন্যবাদ জনাই ছাত্ৰ-ছাত্ৰীৰ বাবে নিজকে উৎসৰ্গা কৰা বুলি জনায় কল্পনা গগৈয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like