নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলসাঁকোত যুযুধান স্থিতি

📌 জৰীপ চলাবলৈ যোৱা দলক প্ৰতিবাদকাৰীৰ বাধা

বিশেষ বাৰ্তা, ১০ জুনঃ এফালে আৰক্ষীৰ সমৰসজ্জা আৰু আনফালে প্রতিবাদকাৰীৰ যুযুধান স্থিতি ৷ আজি পুৱাৰে পৰা এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ অন্যতম বিবদমান এলেকা শিলসাঁকোত ৷ কালি কামৰূপ (মহানগৰ) জিলা প্রশাসনৰ তৰফৰ পৰা যোৱা এটি দলে অঞ্চলটোত জৰীপ আৰম্ভ কৰাৰ পিছতেই একাংশ বাসিন্দাই প্রতিবাদ সাব্যস্ত কৰিছিল ৷ আজিও কামৰূপ (মহানগৰ) জিলা প্রশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ প্রায় ৮জনীয়া এটা দলে শিলসাঁকোত উপস্থিত হৈ অঞ্চলটোৰ আভাস ল’বলৈ চেষ্টা কৰাৰ পিছতেই পুনৰ কালিৰ দৰেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূর্বৰ উচ্ছেদৰ ভয়াৱহতাক সুঁৱৰি আজি প্রতিবাদকাৰী ৰাইজে পুনৰ তাত উচ্ছেদ কৰিবলৈ কোনো কাৰণতে দিয়া নহ’ব বুলি হুংকাৰ দিয়ে ৷ ৰাইজৰ ৰুদ্রমূর্তি প্রত্যক্ষ কৰি মহানগৰ আৰক্ষীয়ে শতাধিক জোৱানক অঞ্চলটোত মোতায়েন কৰে ৷ উল্লেখ্য যে যোৱা কিছুমাহ পূর্বে শিলসাঁকো বিলৰ প্রায় ৭০০ বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছিল কামৰূপ (মহানগৰ) জিলা প্রশাসনে ৷ ইয়াৰ পিছতো বহু বিঘা মাটি উচ্ছেদ নোহোৱাকৈ তাত আছিল ৷ জানিব পৰা মতে, বিলখনক অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ পুনৰ উচ্ছেদ চলোৱাৰ পৰিকল্পনা কৰিছে জিলা প্রশাসনে ৷ প্রায় ১৩০ বিঘা মাটিত উচ্ছেদ চলোৱাৰ পুনৰ পৰিকল্পনা আৰম্ভ কৰা হৈছে ৷ সেইবাবেই কালিৰে পৰা প্রশাসনে শিলসাঁকোত জৰীপ অভিযান আৰম্ভ কৰিছে ৷ প্রশাসনৰ এক সূত্রই জানিবলৈ দিয়া মতে, শিলসাঁকো অঞ্চলত বর্তমানেও থকা ঘৰসমূহৰ অধিক অংশই জলাশয়ৰ মাটিত আছে ৷ গতিকে তাত উচ্ছেদ হ’বই ৷ জিলা প্রশাসনে উচ্ছেদৰ পূর্বে বিলখনৰ সীমা পুনৰ নির্ধাৰণ কৰিছে ৷ সীমা নির্ধাৰণৰ মেপ প্রস্তুত কৰা হৈছে ৷ ৰাইজে প্রতিবাদ কৰিলেও জলাশয়ৰ মাটিত থকা অবৈধ নির্মাণ উচ্ছেদ কৰা হ’বই ৷ ইপিনে, আজি প্রশাসনৰ যুদ্ধংদেহি পৰিস্থিতিৰ পিছত অঞ্চলটোৰ একাংশ ৰাইজে মাটিত শুই প্রতিবাদ সাব্যস্ত কৰে ৷ ঘৰ ভাঙি পেলোৱাতকৈ গুলীয়াই মাৰি পেলাবলৈ প্রশাসনক আহ্বান জনায় প্রতিবাদী ৰাইজে ৷ উচ্ছেদৰ পিছত তেওঁলোক ক’ত থাকিব বুলিও প্রশাসনক প্রশ্ণ উত্থাপন কৰে ৷ কালিৰ দৰে আজিও শিলসাঁকোৰ ঊষা নগৰ সঞ্জীৱনী পথত প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তর্ক–বিতর্ক অব্যাহত থাকে ৷ প্রতিবাদী ৰাইজে অঞ্চলটোত জৰীপ চলাবলৈ অহা চৰকাৰী বিষয়াক বাধা দিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে ৰাইজৰ বাধা ওফৰাই বিষয়াসকলক নির্দিষ্ট স্থানলৈ লৈ যায় ৷ উচ্ছেদক লৈ প্রতিবাদী ৰাইজ আৰু আৰক্ষীৰ তর্ক–বিতর্ক অব্যাহত থকাৰ সময়তে বিভিন্ন দল–সংগঠনেও আজি শিলসাঁকোত উপস্থিত হৈ উচ্ছেদৰ বিৰোধিতা কৰে ৷ প্রশাসনৰ আজিৰ পদক্ষেপৰ পিছত অঞ্চলটোৰ প্রতিবাদী ৰাইজে প্রশাসনে যি মন্তব্য নকৰিলেও পুনৰ শিলসাঁকো বিলত উচ্ছেদ চলাবলৈ দিয়া নহ’ব বুলি সকীয়নি দিছে ৷

You might also like