নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ মানশিৰিত যুৱকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ 

🔹 হত্যাৰ সন্দেহ : তদন্ত অব্যাহত 
বাৰ্তা ব্যুৰ’, ৬ ফেব্ৰুৱাৰী : তেজপুৰ বৰঘাট আৰক্ষী চকীৰ এলেকাধীন মানশিৰিত আজি ৰহস্যজনকভাৱে নিজৰ বন্ধ শোৱনি কোঠাত  এজন যুৱকৰ ৰক্তাক্ত মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ চহৰৰ চানমাৰী অঞ্চলৰ নিবাসী বিকাশ কটোৱাল (৪৫) নামৰ বিৱাহিত যুৱকজনৰ পাৰ্শ্বৱৰ্তী মানশিৰিত এখন কাপোৰৰ দোকান আছিল ৷ সেই অনুযায়ী মানশিৰিতে এটা ভাৰাঘৰত তেওঁ থাকিবলৈ লোৱাৰ বিপৰীতে পৰিয়ালটো তেজপুৰত চানমাৰীতে বসবাস কৰিছিল ৷ আজি দিনৰ ১২ মান বজালৈকে কটোৱাল থকা মানিশৰিৰ ঘৰটোৰ দুৱাৰ বন্ধ থকাত ভাড়াঘৰটোৰ গৃহস্থৰ পৰিয়ালৰ সদস্যসকলৰ সন্দেহ ওপজে। গৃহস্থৰ সদস্যই উক্ত বন্ধ কোঠাটোৰ খিৰিকীৰে চাই কটোৱালৰ ৰক্তাক্ত মৃতদেহ  মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ লগে লগে হুৱাদুৱা লাগে ৷ এই বাৰ্তা লাভ কৰাৰ পাছতে বৰঘাট আৰক্ষীৰ দল দণ্ডাধীশসহ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ লক্ষণীয় যে অতি সৰবৰহী যুৱক বিকাশ কটোৱালৰ সোঁ চকুটো ক্ষত-বিক্ষত প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰ বিপৰীতে বন্ধ কোঠাটোত কটোৱালৰ দুটাকৈ পোহনীয়া কুকুৰ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে ঘটনাৰ প্ৰকৃত  ৰহস্য উদঘাটন কৰিব পৰা যাব বুলি জানিবলৈ দিছে ৷ উল্লেখ্য যে  দুটা কণমানি শিশুৰ পিতৃ বিকাশ কটোৱালৰ এই ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে স্থানীয় চানমাৰী আৰু মানশিৰিত শোকৰ  ছাঁ পেলাইছে ৷
প্ৰেৰক পুলক ডেকা
You might also like