🔹 মৃতদেহ উদ্ধাৰৰ পূৰ্বে পলায়ন কৰা প্ৰবীণ আগৰৱালাক নগাঁৱত আটক
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : ৰঙিয়াৰ ৪ নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপত আজি ৰহস্যজনকভাৱে মাতৃ আৰু কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এটি ৪ মহলীয়া অট্টালিকাৰ ভাৰাঘৰত উক্ত ঘটনা সংঘটিত হৈছে । ইফালে পত্নী আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পূৰ্বে পলায়ন কৰা প্ৰবীণ আগৰৱালাক আৰক্ষীয়ে নগাঁৱত আটক কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে, আজি দিনৰ ভাগত উক্ত ঘৰটোত আত্মীয়ই খবৰ ল’বলৈ গৈ নিশা আগৰৱালা ( পিনু) আৰু কন্যা কণিকা আগৰৱালাৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰে । লগে লগে অঞ্চলটোত ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইফালে, পৰিয়ালটোৰ গৰাকী প্ৰবীণ আগৰৱালা আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ পৰে। প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমীপৰ অট্টালিকাত ঘৰভাৰা কৰি আছিল উক্ত পৰিয়ালটি । কিছুদিন পূৰ্বে এটা জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণো কৰিছিল পৰিয়ালটিয়ে। তাৰ পাছৰে পৰা আত্মীয় আৰু প্ৰতিবেশীয়ে মাতৃ আৰু কন্যাক দেখা পোৱা নাই । প্ৰবীণ আগৰৱালাই গুৱাহাটীলৈ তেওঁৰ পত্নী আৰু কন্যা কোনো কামত যোৱা বুলি আত্মীয়ক জনাইছিল । পিছত আজি পৰিয়ালটোৰ খবৰ ল’বলৈ আহে ৰঙিয়াতে থকা সম্পৰ্কীয় লোক । তেওঁলোকে দুৱাৰ খোলা থকা অৱস্থাত ঘৰটোৰ মজিয়াত মাতৃ আৰু কন্যাৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে । আজি পুৱাৰ ভাগত প্ৰবীণক স্থানীয় লোকে প্ৰত্যক্ষ কৰে যদিও মৃতদেহ উদ্ধাৰৰ পূৰ্বে পলায়ন কৰে । পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে । বিশেষকৈ প্ৰবীণক বিচাৰি অভিযান আৰম্ভ কৰে । পিছত সন্ধিয়াৰ ভাগত নগাঁৱৰ ৰহাত প্ৰবীণক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । আনহাতে প্ৰবীণ আগৰৱালাৰ ব্যৱসায়ত লোকচান আৰু ঋণৰ বোজা থকা বুলিও জনায় আত্মীয়ই । দুৰ্গন্ধ ওলোৱা মৃতদেহ দুটা চাৰি দিন মান আগৰ বুলি সন্দেহ কৰা হৈছে । আটকাধীন প্ৰবীণক জেৰা চলোৱাৰ পিছত ওলাই পৰিব এয়া হত্যা নে আত্মহত্যা ।
প্ৰেৰক ফাৰুক হুছেইন