🔹 কৰ্তব্যৰত অৱস্থাত দক্ষিণ শালমাৰা-মানকাচৰত সংঘটিত হৈছিল অঘটন
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এক অঘটন সংঘটিত হয়। আজি পুৱা ভুটভুটী নাৱৰ পৰা পিছলি পৰি ব্ৰহ্মপুত্ৰ নদীত নিখোজ হোৱা এজন আৰক্ষী জোৱানৰ মৃতদেহ অৱশেষত এছডিআৰএফে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকে পুৱাই বন্দিহানা আৰক্ষী চকী পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এই অঘটন ।
উপ-আৰক্ষী অধীক্ষক চন্দ্ৰ কুমাৰ কলিতাৰ ব্যক্তিগত দেহৰক্ষী জোৱান কুশল কলিতা ভৰি পিছলি ব্ৰহ্মপুত্ৰ নদীত পৰি গৈছিল। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ পৰা বন্দিহানালৈ নাৱেৰে গৈ থকাৰ সময়তে বাউশকাটাৰ কাছাৰীপাৰাত ব্ৰহ্মপুত্ৰ নদীত পৰে আৰক্ষী জোৱানজন। ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ঘটনাস্থলীত SDRF বাহিনীয়ে অভিযান চলাই কুশল কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
প্ৰেৰক ফাৰহাদ আহমেদ